২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ পেৰেডত দিল্লীত বতৰ কেনে হ’ব? প্ৰস্তুতি সম্পূৰ্ণ

News18 Assam | News18-Assam
Updated:January 22, 2021, 1:22 PM IST
২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ পেৰেডত দিল্লীত বতৰ কেনে হ’ব? প্ৰস্তুতি সম্পূৰ্ণ
Republic Day Parade 2021 : বতৰ পৰিষ্কাৰ হোৱাৰ কাৰণে ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমানে ৰাজপথ তথা সেই স্থানত সমবেত সকলো কলা–কৌশল দেখুৱাব পাৰিব।

Republic Day Parade 2021 : বতৰ পৰিষ্কাৰ হোৱাৰ কাৰণে ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমানে ৰাজপথ তথা সেই স্থানত সমবেত সকলো কলা–কৌশল দেখুৱাব পাৰিব।

  • Share this:
নতুন দিল্লীঃ দেশৰ ৰাষ্ট্ৰীয় পৰ্ব গণৰাজ্য দিৱসলৈ (Republic Day Parade 2021) মাজত মাত্ৰ ৪ দিন বাকী। মানুহে প্ৰতিবাৰৰ দৰে এইবাৰো গণৰাজ্য দিৱসৰ পেৰেড চাবলৈ উৎসুক হৈ আছে। কিন্তু মানুহৰ মাজত এই বিষয়টোক লৈ চিন্তাও আছে যে ঘন কুঁৱলী আৰু সেমেকা শীতৰ মাৰে গণৰাজ্য দিৱসৰ পৰিৱেশৰ মজা নষ্ট কৰি নিদিলেই হ’ল। বতৰ বিজ্ঞানীসকলৰ মতে ২৬জানুৱাৰীৰ পেৰেডৰ আয়োজনত বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ বিঘিনিৰ আশংকা কৰা হোৱা নাই। অৱশ্যে পুৱাৰ ভাগত শীতলহৰ আৰু কুঁৱলী থাকিব।

স্কাইমেটৰ মুখ্য বতৰ বিজ্ঞানী মহেশ পালাৱটৰ মতে ২৬জানুৱাৰীত দিল্লীৰ বতৰ ঠিকেই থাকিব। ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্সৰ প্ৰভাৱ উত্তৰ ভাৰতৰ কেৱল ওপৰভাগৰ ৰাজ্যতে সীমিত থাকিব দিল্লীৰ বতৰত ইয়াৰ বেছি প্ৰভাৱ নপৰে। উল্লেখ্য যে, এই দিনটোত দিল্লীৰ ন্যূনতম তাপমাত্ৰা ১০ৰ পৰা ১১ ডিগ্ৰী পৰ্যন্ত হ’ব পাৰে। অৱশ্যে বতৰ ঠাণ্ডা হৈ থাকিব।

তেওঁৰ মতে পুৱাৰ ভাগত কুঁৱলীৰ ডাঠ চাদৰ থাকিব। অৱশ্যে গণৰাজ্য দিৱসৰ পেৰেড আৰম্ভ হোৱালৈকে এয়া সম্পূৰ্ণ চাফা হৈ যোৱাৰ সম্ভাৱনা আছে। তেওঁৰ মতে পশ্চিম দিশৰ পৰা আহিবলগীয়া শুষ্ক বতাহৰ কাৰণে ৰ’দ সোনকালে দেখিবলৈ পোৱা যাব যাৰ কাৰণে তাপমাত্ৰা ৯বজাৰ পৰা বাঢ়ি যাব। এফালে বতৰ চাফা হোৱাৰ কাৰণে ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান ৰাজপথ তথা অন্যান্য জনসমূহ থকা ঠাইত দৰ্শকক আকাশমাৰ্গত কাৰুকাৰ্য দেখুৱাবলৈ সক্ষম হ’ব।

আনফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগেও ২৬জানুৱাৰীত দিল্লীৰ বতৰ পৰিষ্কাৰ হৈ থকাৰ আগজাননী প্ৰকাশ কৰিছে কিন্তু পুৱাৰ ভাগত ঘন কুঁৱলী থাকিব।
First published: January 22, 2021, 1:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি