• Home
  • »
  • News
  • »
  • nation
  • »
  • যদিহে পথৰ কুকুৰে মানুহক আক্ৰমণ কৰে তেন্তে সিঁহতক খাদ্য যোগান ধৰা লোকসকল জগৰীয়া হ’ব পাৰেঃ উচ্চতম ন্যায়ালয়

যদিহে পথৰ কুকুৰে মানুহক আক্ৰমণ কৰে তেন্তে সিঁহতক খাদ্য যোগান ধৰা লোকসকল জগৰীয়া হ’ব পাৰেঃ উচ্চতম ন্যায়ালয়

তথ্য অনুসৰি ২০১৯ চনৰ পৰা ভাৰতত ১.৫ কোটিৰো অধিক পশুৰ কামোৰত আক্ৰান্ত হৈছে।

তথ্য অনুসৰি ২০১৯ চনৰ পৰা ভাৰতত ১.৫ কোটিৰো অধিক পশুৰ কামোৰত আক্ৰান্ত হৈছে।

তথ্য অনুসৰি ২০১৯ চনৰ পৰা ভাৰতত ১.৫ কোটিৰো অধিক পশুৰ কামোৰত আক্ৰান্ত হৈছে।

  • Share this:
শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে পৰামৰ্শ দিয়ে যে যিসকল লোকে নিয়মিতভাৱে পথৰ কুকুৰক খাদ্যৰ যোগান ধৰে, তেওঁলোক সিঁহতৰ প্ৰতিষেধকৰ বাবে দায়ী হ'ব পাৰে আৰু সেই কুকুৰবোৰে মানুহক আক্ৰমণ কৰিলে তেওঁলোকে খৰচো বহন কৰিবলৈ দায়বদ্ধ হ'ব পাৰে।

একে সময়তে ৰাস্তাৰ কুকুৰৰ পৰা হ'ব পৰা শংকাৰ সমাধান বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে কয় যে মানুহৰ সুৰক্ষা আৰু পশুৰ অধিকাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু জে কে মহেশ্বৰীৰ এখন বিচাৰপীঠে কয় যে “কিছু সমাধান বিচাৰি উলিয়াব লাগিব”।

"আমাৰ বেছিভাগেই কুকুৰপ্ৰেমী। মই কুকুৰকো খুৱাওঁ। মোৰ মনলৈ কিবা এটা আহিল। মানুহে ইচ্ছা কৰিলে (কুকুৰৰ) যত্ন ল'ব দিয়ক কিন্তু চিপৰ জৰিয়তে ট্ৰেক কৰা নহয়, চিহ্নিত কৰিব লাগিব, মই ইয়াৰ পক্ষত নহয়।" বুলি ন্যায়াধীশ খান্নাই মন্তব্য কৰে।

উচ্চতম ন্যায়ালয়ে ৰাস্তাৰ কুকুৰৰ সমস্যাটো সমাধানৰ বাবে যুক্তিসংগত সমাধান বিচাৰি উলিয়াব লাগিব বুলি উল্লেখ কৰি ২৮ ছেপ্টেম্বৰত বিষয়টো শুনানিৰ বাবে আগবঢ়াই দি পক্ষসমূহক বিষয়টোত উত্তৰ দাখিল কৰিবলৈ কয়।

ভাৰতত ১.৫ কোটি কুকুৰে কামোৰাৰ গোচৰ

তথ্য অনুসৰি ২০১৯ চনৰ পৰা ভাৰতত ১.৫ কোটিৰো অধিক পশুৰ কামোৰত আক্ৰান্ত হৈছে। সৰ্বাধিক সংখ্যক উত্তৰ প্ৰদেশত (২৭,৫২,২১৮), তাৰ পিছতে আছে তামিলনাডুত (২০,৭০,৯২১), মহাৰাষ্ট্ৰত (১৫,৭৫,৬০৬) আৰু পশ্চিম বংগত (১২ ,০৯,২৩২)। আনহাতে, লক্ষদ্বীপে একে সময়ছোৱাতে কুকুৰে কামোৰাৰ ক্ষেত্ৰত শূন্য হোৱা বুলি জানিব পৰা গৈছে।

২০১৯ চনত ৭২,৭৭,৫২৩ টা পশুৰ কামোৰৰ ক্ষেত্ৰত হোৱা দেখা গৈছিল, যিটো ২০২০ চনত ৪৬,৩৩,৪৯৩ আৰু এবছৰৰ পিছত ১৭,০১,১৩৩ টালৈ হ্ৰাস পাইছিল। কিন্তু কেৱল ২০২২ চনৰ প্ৰথম সাত মাহত ১৪.৫ লাখৰো অধিক ঘটনা সংঘটিত হৈছে। এইবাৰ সৰ্বাধিক তামিলনাডুত (২৫১,৫১০) আৰু মহাৰাষ্ট্ৰত (২৩১,৫৩১) আক্ৰান্ত হৈছে। ভাৰততো প্ৰতি বছৰে ১০০ জনতকৈ অধিক ৰেবিজত আক্ৰান্ত হয় আৰু মৃত্যু হয়।

কিন্তু পোহনীয়া জন্তুৰ সৈতে জড়িত কুকুৰৰ কামোৰৰ কাণ্ডতকৈ পথৰ জীৱ-জন্তুৰ সৈতে জড়িত কাণ্ড বহু বেছি হৈছে। ২০১৯ চনৰ গণনা অনুসৰি ভাৰতত ১,৫৩,০৯,৩৫৫ টা পথৰ কুকুৰ আছে, যিটো ২০১২ চনত ১,৭১,৩৮,৩৪৯ টা আছিল। সৰ্বাধিক পথৰ কুকুৰ পোৱা যায় উত্তৰ প্ৰদেশ (২০,৫৯,২৬১), উড়িষ্যা (১৭,৩৪,৩৯৯) আৰু মহাৰাষ্ট্ৰত (১২,৭৬,৩৯৯)। মণিপুৰ, লক্ষদ্বীপ আৰু দাদ্ৰা আৰু নগৰ হাভেলীত পথৰ কুকুৰ শূন্য বুলি খবৰ পোৱা গৈছে।

বিশেষকৈ কেৰেলা আৰু মুম্বাইত ভয়াৱহ ৰূপত পৰিণত হোৱা পথৰ কুকুৰ হত্যাৰ সন্দৰ্ভত বিভিন্ন নাগৰিক সংস্থাই গৃহীত নিৰ্দেশৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত বহুকেইখন আবেদনৰ শুনানি গ্ৰহণ কৰি আহিছে উচ্চতম ন্যায়ালয়ে।

বম্বে উচ্চ ন্যায়ালয় আৰু কেৰেলা উচ্চ ন্যায়ালয়কে ধৰি একাংশ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে একাংশ বেচৰকাৰী সংস্থা আৰু ব্যক্তিগত আবেদনকাৰীয়ে পৌৰ কৰ্তৃপক্ষক পথৰ কুকুৰৰ ভাবুকিৰ সৈতে নিয়ম অনুসৰি মোকাবিলা কৰিবলৈ অনুমতি দিয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি