আকৌ মাধমাৰ! বজাৰত জুই চাই দাম। আকাশলংঘী মূল্যবৃদ্ধিয়ে এতিয়া সৰ্বসাধাৰণৰ ওপৰত শোধাইছে ৰাম টাঙোন। অহা ১ মাৰ্চৰ পৰা প্ৰতি লিটাৰ গাখীত ১২ টকাকৈ মূল্যবৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বৃহস্পতিবাৰে দুগ্ধ উৎপাদক সংঘৰ এক বৈঠকত ইয়াৰ এক স্পষ্ট ইংগিত দিয়া হয়।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ১ মাৰ্চৰ পৰা গাখীৰৰ দাম প্ৰতি লিটাৰত ১২ টকাকৈ বৃদ্ধি হ’ব পাৰে। প্ৰকাশিত খবৰ অনুসৰি, মধ্যপ্ৰদেশৰ ২৫ খন গাঁৱৰ দুগ্ধ উৎপাদক মঙলবাৰেও এখন বৈঠক অনুষ্ঠিত কৰিছিল। আৰু এই বৈঠকতে প্ৰতি লিটাৰ গাখীৰৰ দাম ৫৫ টকালৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। পেট্ৰ'ল-ডিজেলৰ মূল্যবৃ্ধিৰ ফলত এতিয়া গাখীৰৰ আমদানি আৰু ৰপ্তানীত যথেষ্ট কষ্টৰ সন্মুখীন হৈছে দুগ্ধ ব্য়ৱসায়ীসকল। যাৰফলত গাখীৰৰ মবল্য বঢ়োৱাৰ চিন্তা-চৰ্চা কৰা হৈছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 26, 2021, 11:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।