• Home
  • »
  • News
  • »
  • nation
  • »
  • কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে বিশিষ্ট কণ্ঠশিল্পী এচ পি বালাসুব্ৰমনিয়মে

কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে বিশিষ্ট কণ্ঠশিল্পী এচ পি বালাসুব্ৰমনিয়মে

প্ৰায় ৪০ হাজাৰ গীত গোৱা বিশিষ্ট কণ্ঠশিল্পীগৰাকী কোৰোণাত আক্ৰান্ত হৈ যোৱা ৫ আগষ্টৰ পৰা চিকিত্‍সাধীন হৈ আছিল।

  • Share this:
দেশৰ বিশিষ্ট কণ্ঠশিল্পী এচ পি বালাসুব্ৰমনিয়মে শুকুৰবাৰে মৃত্যুক সাৱটি লয়। কোৰোণাত আক্ৰান্ত হৈ চিকিত্‍সাধীন হৈ থকা ৭০ বছৰীয়া সুব্ৰমনিয়মৰ স্বাস্থ্য আজি কিছুদিন ধৰি সংকটজনক অৱস্থাত আছিল। প্ৰায় ৪০ হাজাৰ গীত গোৱা বিশিষ্ট কণ্ঠশিল্পীগৰাকী কোৰোণাত আক্ৰান্ত হৈ যোৱা ৫ আগষ্টৰ পৰা চিকিত্‍সাধীন হৈ আছিল।

চিকিত্‍সালয়ত ভৰ্তি হোৱাৰ সময়ত এচ পি বালাসুব্ৰমনিয়মৰ দেহত সামান্য কোৰোণাৰ লক্ষণ আছিল। কিন্তু যোৱা দুই তিনিদিন ধৰি স্বাস্থ্যৰ ব্যাপক অৱনতি ঘটিছিল কণ্ঠশিল্পীগৰাকীৰ।কিছুদিন পূৰ্বে কণ্ঠশিল্পীগৰাকীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি নিজৰ শাৰীৰিক অৱস্থাৰ কথা জনাইছিল।

মাত্ৰ ১২ ঘণ্টাৰ ভিতৰত ২১টা গীত গাই অনন্য অভিলেখ গঢ়িছিল বালাসুব্ৰমনিয়মে। ছটাকৈ ৰাষ্ট্ৰীয় বঁটা বিজয়ী কণ্ঠশিল্পীগৰাকী ২০০১ চনত পদ্মশ্ৰী আৰু ২০১১ চনত পদ্মভূষণ সন্মানেৰে বিভূষিত হৈছিল। এচ পি বালাসুব্ৰমনিয়মৰ মৃত্যুত এতিয়া সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে।
Published by:Himangshu Bhuyan
First published: