মুম্বাইঃ কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ মাজতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ প্ৰথমখন ভাৰ্চুৱেল বাৰ্ষিক সাধাৰণ সভা আয়োজন হয়। বুধবাৰে সংস্থাৰ ৮৩সংখ্যক এজিএমত অন্যান্য ঘোষণাৰ মাজতে ব্যক্তব্য ৰাখে Reliance Foundation–ৰ চেয়াৰপাৰ্চন নীতা আম্বানীয়ে। তেওঁ ফাউণ্ডেশ্যনৰ একাধিক মানৱ সেৱামূলক কাৰ্যৰ উদাহৰণ তুলি ধৰে। লগতে আগন্তুক দিনত ফাউণ্ডেশ্যনে কিদৰে কাম কৰিব সেই কথাও উল্লেখ কৰে।
তেওঁ কয়, মিচন অন্ন সেৱাৰ জৰিয়তে দিন হাজিৰা কৰা দৰিদ্ৰ শ্ৰেণীৰ ৫কোটি মানুহক অন্ন প্ৰদান কৰিছে ফাউণ্ডেশ্যনে। ইয়াৰ লগতে কোৰোণা ভাইৰাছ, লকডাউনৰ মাজত ওলোটা হৈ পৰা জীৱনৰ মাজত ৰিলায়েন্সক কিদৰে আগুৱাই নিয়া হৈছে সেই সন্দৰ্ভতো তেওঁ কয়। তেওঁ জনায়, ‘জিঅ’ই ৪০ কোটি মানুহৰ হাতত ডিজিটেল কানেক্টিভিটি তুলি ধৰিছে। প্রায় ৩০ হাজাৰ সংস্থাই ৱৰ্ক ফ্রম হোম কৰিব পাৰিছে। শিক্ষাৰ্থীসকলে ঘৰৰ পৰা ক্লাছ কৰিব পাৰিছে এই ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰ কৰি। ৰিলায়েন্সে কাৰণে এইটো এটা ব্যৱসায় নহয়, এইয়া আমাৰ কৰ্তব্য, ধর্ম আৰু দেশৰ প্ৰতি সেৱা।’
তেওঁ কোৰোণা ভেকচিনক লৈও মন্তব্য কৰে, তেওঁ কয়, ‘দেশত কোৰোণা ভাইৰাছৰ ভেকচিন আৱিষ্কাৰ হ’লে কোম্পানীৰ নিজা ডিজিটেল চেইন ব্যৱহাৰ কৰি আমি নিশ্চিত কৰিম যাতে দেশৰ প্ৰতিটো অংশত এই ভেকচিন পাইগৈ।’
![]()
‘ক্রীড়া ক্ষেত্র তথা শিক্ষা ক্ষেত্রৰ মাধ্যমত ৰিলায়েন্সে ২১.৫ মিলিয়ন শিশুৰ কাষ চাপিছে।একেবাৰে তৃণমূল স্তৰৰ পৰা ৰিলায়েন্স ফাউণ্ডেশ্যনে দেশৰ কাঠামো তৈয়াৰৰ কাম কৰি গৈছে।’, কয় নীতা আম্বানীয়ে।।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|