ইয়াৰ পূৰ্বে পলাতক হীৰা ব্যৱসায়ী মেহুল চোকচী (Mehul Choksi)ক দ্বীপৰাষ্ট্ৰ ডমিনিকাত গ্ৰেপ্তাৰ কৰাৰ এদিন পিছতেই, এণ্টিগুৱা আৰু বাৰ্বুডাৰ প্ৰধানমন্ত্ৰী গেষ্টন ব্ৰাউনে চোকচীক পোনপটীয়াকৈ ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ ডমিনিকাক অনুৰোধ জনাইছিল । কিন্তু, চোকচীৰ অধিবক্তা বিজয় আগৰৱালে এই সম্পৰ্কত কয় যে তেওঁৰ ক্লায়েণ্ট এতিয়া ভাৰতীয় নাগৰিক নহয় আৰু আইনৰ অধীনত, ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। ডমিনিকান চৰকাৰৰ এটা বিবৃতিয়েও এইটোও ইংগিত দিছিল যে চোকচীক পুনৰ এণ্টিগুৱালৈ ঘূৰাই পঠোৱা হ'ব পাৰে।
সংবাদ সংস্থা ANIক দিয়া এক সাক্ষাৎকাৰত এণ্টিগুৱাৰ প্ৰধানমন্ত্ৰী ব্ৰাউনে কয়, "ডমিনিকান চৰকাৰে এণ্টিগুৱা আৰু ভাৰত চৰকাৰৰ সৈতে সহযোগিতা কৰি আছে। আমি ডমিনিকান আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহক তেওঁক এণ্টিগুৱালৈ ঘূৰাই নপঠিয়াবলৈ অনুৰোধ জনাইছো, য'ত এজন নাগৰিক হিচাপে তেওঁৰ আইনী আৰু সাংবিধানিক অধিকাৰ আছে। আমি তেওঁলোকক বিশেষভাৱে অনুৰোধ জনাইছিলো যে ভাৰতীয় আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহে তেওঁক পোনপটীয়াকৈ ভাৰতলৈ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিব।"
ডমিনিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু গৃহ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে চোকচীক "অবৈধ প্ৰৱেশ"ৰ বাবে আটক কৰা হৈছে, আৰু চোকচীৰ নাগৰিকত্বৰ স্থিতি নিশ্চিত কৰিবলৈ এণ্টিগুৱা আৰু বাৰ্বুডা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছে। বিবৃতিটোত কোৱা হৈছে, "এণ্টিগুৱা কৰ্তৃপক্ষই তথ্য প্ৰদান কৰাৰ পিছত, মেহুল চোকচীক এণ্টিগুৱালৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে সাম্ভাব্য ব্যৱস্থা কৰা হ'ব।"
ডমিনিকাত চোকচিৰ এটৰ্ণী ৱেইন মাৰ্শ্বে কৈছিল যে ব্যৱসায়ীজনক ২৩ মে'ত নৈশ আহাৰ গ্ৰহণ কৰিবলৈ ৰেষ্টুৰেণ্টলৈ যাওঁতে এজন ভাৰতীয় আৰু এণ্টিগুয়ান আৰক্ষী বিষয়াই অপহৰণ কৰিছিল। চোকচীয়ে দাবী কৰিছিল যে তেওঁক মুখা পিন্ধাই ডমিনিকান পতাকা থকা এখন য়াটত ৰখা হৈছিল আৰু দ্বীপ ৰাষ্ট্ৰখনৰ দক্ষিণ মূৰলৈ লৈ যোৱা হৈছিল য'ত তেওঁক ২৬ মে'ত স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰালৈকে ৰখা হৈছিল।
ৰাজহুৱা খণ্ডৰ পঞ্জাৱ নেচনেল বেংকক (PNB) প্ৰায় ১৩,৬০০ কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগত, ৭ জানুৱাৰী, ২০১৮ৰ পৰা চোকচী ভাৰতৰ বাহিৰত আছে। ১৫ জানুৱাৰী, ২০১৮ তাৰিখে, তেওঁ এণ্টিগুৱা আৰু বাৰ্বুডাৰ নাগৰিকত্বৰ লয়।
দেওবাৰে, চোকচী এণ্টিগুৱা আৰু বাৰ্বুডাত সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছিল। পিছদিনা তেওঁক ডমিনিকাৰ স্থানীয় আৰক্ষীয়ে ধৰা পেলাইছিল, খবৰ অনুসৰি যেতিয়া তেওঁ এখন নাৱত উপস্থিত হৈছিল।
সূত্ৰই প্ৰকাশ কৰে যে ভাৰত চৰকাৰে চোকচীক গ্ৰেপ্তাৰ কৰাৰ পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছিল আৰু তেওঁক ঘূৰাই আনিব লগা বিকল্পবোৰ পৰীক্ষা কৰি আছিল লগতে এণ্টিগুৱা আৰু বাৰ্বুডা আৰু ডমিনিকান চৰকাৰৰ সৈতে সম্পৰ্কত আছিল।
ভাৰতীয় নাগৰিকত্ব আইন ধাৰা ৯ অনুসৰি, মেহুল চোকচীয়ে এণ্টিগুৱাৰ নাগৰিকত্ব লাভ কৰাৰ পিছত তেওঁ ভাৰতৰ নাগৰিকত্ব হেৰুৱাইছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|