মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Forbes Best Employer ranking: ফৰ্বছৰ তালিকাত দেশৰ সৰ্বশ্ৰেষ্ঠ নিয়োগকৰ্তা ৰূপে Relianceৰ নাম, চাওক আন কোম্পানীৰ স্থান

Forbes Best Employer ranking: ফৰ্বছৰ তালিকাত দেশৰ সৰ্বশ্ৰেষ্ঠ নিয়োগকৰ্তা ৰূপে Relianceৰ নাম, চাওক আন কোম্পানীৰ স্থান

News18 Assam | News18-Assam
Updated:October 14, 2021, 4:47 PM IST
Forbes Best Employer ranking: ফৰ্বছৰ তালিকাত দেশৰ সৰ্বশ্ৰেষ্ঠ নিয়োগকৰ্তা ৰূপে Relianceৰ নাম, চাওক আন কোম্পানীৰ স্থান
গোলকীয় কৰ্পোৰেটৰ সামগ্ৰিক ৰেংকিঙতো ৰিলায়েন্সক ৫২তম স্থানত ৰখা হৈছে।

গোলকীয় কৰ্পোৰেটৰ সামগ্ৰিক ৰেংকিঙতো ৰিলায়েন্সক ৫২তম স্থানত ৰখা হৈছে।

  • Share this:

দেশৰ সৰ্ববৃহৎ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে ফৰ্বছে প্ৰকাশ কৰা বিশ্বৰ শ্ৰেষ্ঠ নিয়োগকৰ্তা ৰেংকিং ২০২১ত ভাৰতীয় কৰ্পোৰেটসমূহৰ শীৰ্ষস্থানত অৱস্থান কৰিছে। আনহাতে বিশ্ব বা গোলকীয় কৰ্পোৰেটৰ সামগ্ৰিক ৰেংকিঙত ৰিলায়েন্সক ৫২তম স্থানত ৰখা হৈছে। য'ত ফিলিপছ, চানোফি, ফাইজাৰ আৰু ইণ্টেলৰ দৰে ৭৫০টা গোলকীয় কৰ্পোৰেট আছে।


ফৰ্বছৰ ৰেংকিং অনুসৰি শীৰ্ষ ১০০ ৰেংকিঙত থকা অন্যান্য ভাৰতীয় কৰ্পোৰেটৰ ভিতৰত ৬৫ত আইচিআইচিআই বেংক, ৭৭ত এইচডিএফচি বেঙ্ক আৰু ৯০ত এইচচিএল টেকন'লজিছ আছে। ভাৰতীয় ষ্টেট বেংক (SBI)ক ১১৯ আৰু লাৰ্চেন এণ্ড টুব্ৰোক ১২৭ত ৰখা হৈছে। ইনফোচিছ ৫৮৮ আৰু টাটা গ্ৰুপ ৭৪৬তম স্থানত আছে। লাইফ ইঞ্চিউৰেন্স কৰ্পোৰেচনক (LIC) ৫০৪ত ৰখা হৈছিল।


উল্লেখ্য এই ৰেংকিং জৰীপৰ ওপৰত আধাৰিত আছিল, য'ত কৰ্মচাৰীসকলেও তেওঁলোকৰ নিয়োগকৰ্তাসকলক মূল্যাংকন কৰিছিল। বিশ্বব্যাপী ৰেংকিঙত দক্ষিণ কোৰিয়াৰ চেমচাং ইলেকট্ৰ'নিকছ শীৰ্ষস্থানত আছে, তাৰ পিছত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইবিএম, মাইক্ৰ'ছফ্ট, আমাজন, এপল, এলফাবেট আৰু ডেল টেকন'লজিছ। চীনৰ হুৱেইক বিশ্বৰ ৮ম শ্ৰেষ্ঠ নিয়োগকৰ্তা হিচাপে ৰখা হৈছিল।



ফৰ্বছে প্ৰকাশ কৰে যে বহুজাতিক কোম্পানী আৰু প্ৰতিষ্ঠানৰ বাবে কাম কৰা ৫৮খন দেশৰ ১,৫০,০০০ পূৰ্ণ-সময় আৰু আংশিক সময়ৰ শ্ৰমিকৰ জৰীপ কৰি ৰেংকিং সংকলন কৰা হৈছে।


এই প্ৰসংগত ৰিলায়েন্স কোম্পানীয়ে এক বিবৃতিত কয়, "কোভিড মহামাৰীৰ দৰে আটাইতকৈ বেয়া সময়ত এই কৃতিত্ব অৰ্জন কৰাটো গুৰুত্বপূৰ্ণ।" কোভিডৰ বেয়া সময়ত, ৰিলায়েন্সে নিশ্চিত কৰিছিল যে কোনো কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰা নহয়। তেওঁলোকে যাতে চাকৰিটোৰ বিষয়ে চিন্তা নকৰাকৈ কাম কৰিব পাৰে।


উল্লেখ্য ৰিলায়েন্সে কোভিড মহামাৰীৰ সময়ত কৰ্মচাৰীসকলৰ চিকিৎসা আৰু তেওঁলোকৰ পৰিয়ালৰ টিকাকৰণৰ ব্যৱস্থাও গ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বেও ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে 'গ্ৰেট প্লেচ টু ৱৰ্ক ইনষ্টিটিউট'ৰ খিতাপ জিকিছিল আৰু লিংকডইনৰ শীৰ্ষ কোম্পানীৰ তালিকাৰ অংশ আছিল।


২০২০-২১ বৰ্ষৰ মহামাৰীৰ বৰ্ষত ৰিলায়েন্সে প্ৰায় ৭৫,০০০ নতুন চাকৰি মুকলি কৰিছিল। উল্লেখ্য, তালিকাত থকা অন্যান্য ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ ভিতৰত আছে বাজাজ ২১৫, এক্সিছ বেংক ২৫৪, ইণ্ডিয়ান বেংক ৩১৪, অইল এণ্ড নেচাৰেল গেছ কৰ্প (অ'এনজিচি)ৰ ৪০৪, অমৰা ৰাজা গ্ৰুপ ৪০৫, কোটাক মহিন্দ্ৰা বেংক ৪১৮ আৰু বেংক অফ ইণ্ডিয়া ৪৫১।

Published by: Gautam Barman
First published: October 14, 2021, 4:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি