• Home
  • »
  • News
  • »
  • nation
  • »
  • RIIHL : নিউয়ৰ্কৰ বিলাসবহুল মাণ্ডাৰিন অৰিয়েণ্টেল হোটেলৰ ৭৩.৩৭ শতাংশ অংশীদাৰিত্ব অৰ্জন ৰিলায়েঞ্চৰ

RIIHL : নিউয়ৰ্কৰ বিলাসবহুল মাণ্ডাৰিন অৰিয়েণ্টেল হোটেলৰ ৭৩.৩৭ শতাংশ অংশীদাৰিত্ব অৰ্জন ৰিলায়েঞ্চৰ

ৰিলায়েঞ্চৰ ফালৰ পৰা এক বিবৃতিত জনোৱা হৈছে, এই হোটেলে বহু পুৰস্কাৰ আঁজুৰিবলৈ সক্ষম হৈছে। এই হোটেলখনৰ দায়িত্বভাৰ এতিয়া ৰিলায়েঞ্চৰ অধীনলৈ অহাত হস্পিটেলিটি ক্ষেত্ৰত প্ৰতিষ্ঠানটো আৰু শক্তিশালী হ’ব।

  • Share this:
নিউয়ৰ্কৰ বিখ্যাত পঞ্চতাৰকা হোটেল মাণ্ডাৰিন অৰিয়েণ্টেলৰ ৭৩.৩৭ শতাংশ অংশীদাৰিত্ব এতিয়া ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ (Reliance Industries Limited)ৰ হাতত। ৯৮.১৫ মাৰ্কিন ডলাৰত এইবাৰ এই বিলাসবহুল হোটেলৰ ক্ষমতা আহিব মুকেশ আম্বানীৰ প্ৰতিষ্ঠানৰ অধীনলৈ।

কলম্বাছ চেণ্টাৰ কৰ্প (কেমেন)–এ (Columbus Centre Corp (Cayman) কিনি লোৱাৰ পিছত এই প্ৰতিষ্ঠানৰ অন্তৰ্গত মাণ্ডাৰিন অৰিয়েণ্টেল নিউয়ৰ্ক (Mandarin Oriental New York) হোটেলখন এইবাৰ ৰিলায়েঞ্চৰ অধীনলৈ আহিব। কাৰণ কেমেন আইলেণ্ডছৰ ৭৩.৩৭ শতাংশ অংশীদাৰিত্ব আছিল এই হোটেলত। যিটো এতিয়া ৰিলায়েঞ্চৰ অধীনলৈ আহিব। নিউয়ৰ্কৰ মেনহাটানৰ এই বিখ্যাত হোটেলৰ কৰ্তৃত্ব তেওঁলোকৰ হাতলৈ অহাটো ৰিলায়েঞ্চৰ বাবে এক অতি সুখৰ খবৰ। চলিত বিত্তীয় বৰ্ষ অৰ্থাৎ মাৰ্চ ২০২২ৰ শেষৰ ভিতৰতে এই হোটেল আহিব ৰিলায়েঞ্চৰ অধীনলৈ।

ৰিলায়েঞ্চৰ ফালৰ পৰা এক বিবৃতিত জনোৱা হৈছে, এই হোটেলে বহু পুৰস্কাৰ আঁজুৰিবলৈ সক্ষম হৈছে। এই হোটেলখনৰ দায়িত্বভাৰ এতিয়া ৰিলায়েঞ্চৰ অধীনলৈ অহাত হস্পিটেলিটি ক্ষেত্ৰত প্ৰতিষ্ঠানটো আৰু শক্তিশালী হ’ব। ইতিমধ্যেই ইআইএইচ লিমিটেড (অবেৰয় হোটেল), ব্ৰিটেইনৰ ষ্ট’ক পাৰ্ক লিমিটেড আৰু মুম্বাইৰ ডেভেল’পিং কনভেনচন চেণ্টাৰ, হোটেল এণ্ড ৰেছিডেঞ্চত বিনিয়োগ কৰিছে ৰিলায়েঞ্চে।

এইবাৰ নিউয়ৰ্কৰ এই বিখ্যাত পঞ্চতাৰকা হোটেলৰ ক্ষমতাও নিজৰ হাতলৈ আনিবলৈ সক্ষম হ’ল ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজে। উল্লেখযোগ্য যে এই হোটেলখনে ২০১৮ চনত ১১৫ মিলিয়ন ডলাৰ, ২০১৯ চনত ১১৩ মিলিয়ন ডলাৰ আৰু ২০২০ চনত ১৫ মিলিয়ন ডলাৰৰ ৰাজহ অৰ্জন কৰিছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি