৫৩,১২৪.২০ কোটি টকাৰ ৰাইটছ ইছ্যু প্ৰক্ৰিয়া সফল ভাবে সম্পন্ন হোৱা বুলি জনাইছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে। প্ৰায় ১.৫৯ গুণ চাবস্ক্ৰীপশ্বন হৈছে ৰিলায়েন্সৰ ৰাইটছ ইছ্যুত। সন্মিলিত ভাবে বিনিয়োগৰ পৰিমাণ ৮৪ হাজাৰ কোটি টকা। ৰাইটছ ইছ্যুৰ প্ৰথম দিনটোৰ পৰাই বিনিয়োগকাৰীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছিল। আগ্ৰহ দেখুৱাইছিল দেশ বিদেশৰ বহু বিনিয়োগকাৰীয়ে।
অহা ১০ জুনত ইক্যুইটি শ্বেয়াৰ আবণ্টন কৰা হ’ব। ৰাইটছপ শ্বেয়াৰত বি.এস.ই আৰু এন.এস.ই.ক অহা ১২ জুনত পৃথক আই এছ আই এনৰ অধীনত তালিকাভুক্ত কৰা হ’ব।
‘আমাৰ লক্ষ্য, ডিজিটেল প্ৰযুক্তিত ভাৰতক আগুৱাই লৈ যোৱা। যাতে ১৩০ কোটি মানুহৰ উন্নতি হয়। ৰাইটছ ইছ্যুৰ এই অভিলেখে প্ৰমাণ কৰিলে যে, আমাৰ দৃষ্টিভংগীক সকলোৱে সমৰ্থন কৰিছে। এই সমৰ্থনে ‘a New Reliance for a New India’ গঢ়ি তুলাত আমাৰ মনোবল বৃদ্ধি কৰিলে।
মুকেশ আম্বানীয়ে লগতে কয় যে, ‘কোৰোণা মহামাৰীৰ সময়ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ৰাইটছ ইছ্যুৰ এই সফলতা দেশ-বিদেশৰ বিনিয়োগকাৰীৰ পৰা খুচুৰা শ্বেয়াৰ হোল্ডাৰলৈকে সকলোৱে ভাৰতৰ অৰ্থনীতিৰ স্বকীয়তাৰ ওপৰত ৰখা আস্থাকে প্ৰমাণ কৰিছে। মই বিশ্বাস কৰো যে, ভাৰতীয় অৰ্থনীতি আকৌ শিখৰলৈ গতি কৰিব আৰু ভাৰতবৰ্ষ বিশ্বৰ আগশাৰীৰ ‘Digital Nation’ হিচাপে চিহ্নিত হ’ব।