১৮২.১২ কোটি টকাত Urban Ladderৰ ৯৬ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিলে ৰিলায়েন্স ৰিটেইলে

News18 Assam | News18-Assam
Updated:November 15, 2020, 2:24 PM IST
১৮২.১২ কোটি টকাত Urban Ladderৰ ৯৬ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিলে ৰিলায়েন্স ৰিটেইলে
বৰ্তমান ৯৬ শতাংশ ক্ৰয় কৰিলেও ভৱিষ্যতে Urban Ladderৰ ১০০ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিব পাৰে ৰিলায়েন্স ৰিটেইলে

বৰ্তমান ৯৬ শতাংশ ক্ৰয় কৰিলেও ভৱিষ্যতে Urban Ladderৰ ১০০ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিব পাৰে ৰিলায়েন্স ৰিটেইলে

  • Share this:
আচবাব , গৃহসজ্জাৰ সৈতে জড়িত সংস্থা Urban Ladderৰ ৯৬ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিলে ৰিলায়েন্স ৰিটেইল ভেনচাৰ্চ লিমিটেডে। ১৮২.১২ কোটি টকাৰ বিনিময়ত এই অংশীদাৰিত্ব ক্ৰয় কৰিলে ৰিলায়েন্স ৰিটেইলে।

আচবাব, গৃহসজ্জাৰ সামগ্ৰী বিক্ৰীৰ বাবে ডিজিটেল প্লেটফৰ্ম হ’ল Urban Ladder। ২০১২ চনৰ ১৭ ফেব্ৰুৱাৰীত ভাৰতত ব্যৱসায় আৰম্ভ কৰিছিল Urban Ladderয়ে।  দেশৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ ৰিটেইল ষ্টোৰ আছে।

বৰ্তমান ৯৬ শতাংশ ক্ৰয় কৰিলেও ভৱিষ্যতে Urban Ladderৰ ১০০ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিব পাৰে ৰিলায়েন্স ৰিটেইলে।ইয়াৰ বাবে ভৱিষ্যতে আৰু ৭৫ কোটি টকা বিনিয়োগ কৰিব পাৰে ৰিলায়েন্স ৰিটেইলে। ২০২৩ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত এই প্ৰক্ৰিয়া শেষ কৰিব পাৰে।
Published by: Himangshu Bhuyan
First published: November 15, 2020, 2:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading