মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»RIL acquires REC Group: ৭৭১ মিলিয়ন ডলাৰৰ চুক্তি, সৌৰশক্তি উৎপাদনত চীনৰ শক্তি এতিয়া ৰিলায়েন্সৰ হাতত

RIL acquires REC Group: ৭৭১ মিলিয়ন ডলাৰৰ চুক্তি, সৌৰশক্তি উৎপাদনত চীনৰ শক্তি এতিয়া ৰিলায়েন্সৰ হাতত

News18 Assam | News18-Assam
Updated:October 11, 2021, 3:52 PM IST
RIL acquires REC Group: ৭৭১ মিলিয়ন ডলাৰৰ চুক্তি, সৌৰশক্তি উৎপাদনত চীনৰ শক্তি এতিয়া ৰিলায়েন্সৰ হাতত
Reliance New Energy Solar acquires REC Solar: ১০০ গিগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্য ৰিলায়েন্সৰ।

Reliance New Energy Solar acquires REC Solar: ১০০ গিগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্য ৰিলায়েন্সৰ।

  • Share this:
সৌৰশক্তি উৎপাদনৰ লক্ষ্যৰে আৰু এখোজ আগুৱালে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড। যোৱা ১০ অক্টোবৰত এই প্ৰসংগত বৃহৎ ঘোষণা কৰে সংস্থাটোৱে।

জনোৱা হৈছে যে, চীনৰ নেচনেল বলুষ্টাৰ গ্ৰুপৰ পৰা REC চোলাৰ হোল্ডিং AS-ৰ ১০০ শতাংশ অংশীদাৰিত্ব অধিগ্ৰহণ কৰিছে ৰিলায়েন্স নিউ এনাৰ্জী চোলাৰ লিমিটেডে। আৰু RNESL সম্পূৰ্ণ ভাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধীনত আছে।

সম্প্ৰতি সংস্থাৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল যে, ২০৩০ চনৰ ভিতৰত দেশত ৪৫০ গিগাৱাট পুৰ্ণ নবীকৰণযোগ্য শক্তি উৎপাদন কৰাৰ লক্ষ্য বান্ধি লৈছে। আৰু দেশ সৈতে খোজত খোজ মিলাই ১০০ গিগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্য লৈছে ৰিলায়েন্সে। ইয়াৰ লগতে আন্তৰ্জাতিক ক্ষেত্ৰত ফোটোভোল্ট উৎপাদনৰো লক্ষ্য ৰিলায়েন্সৰ। ৰিলায়েন্স নিউ এনাৰ্জী চোলাৰ লিমিটেডে ঘোষণা কৰিছে যে, চীনৰ REC চোলাৰ হোল্ডিং ASৰ ১০০ শতাংশ অংশীদাৰিত্ব অধিগ্ৰহণৰ চুক্তি হৈছে ৭৭১ মিলিয়ন ডলাৰত।
Published by: Himangshu Bhuyan
First published: October 11, 2021, 3:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি