RIL AGM 2020 : অনলাইন শিক্ষাৰ বাবে জিঅ’ৰ নতুন প্লেটফৰ্ম EMBIBE, লাভ কৰিব বিশ্বমানৰ শিক্ষা

News18 Assam | News18-Assam
Updated:July 15, 2020, 5:36 PM IST
RIL AGM 2020 : অনলাইন শিক্ষাৰ বাবে জিঅ’ৰ নতুন প্লেটফৰ্ম EMBIBE, লাভ কৰিব বিশ্বমানৰ শিক্ষা
সভাত বিনিয়োগকাৰীসকলক সম্বোধন কৰি মুকেশ আম্বানীয়ে কয় যে কোৰোণাৰ বিৰুদ্ধে যুঁজত আমি জয়ী হ’মেই।

সভাত বিনিয়োগকাৰীসকলক সম্বোধন কৰি মুকেশ আম্বানীয়ে কয় যে কোৰোণাৰ বিৰুদ্ধে যুঁজত আমি জয়ী হ’মেই।

  • Share this:
বুধবাৰে ৰিলায়েঞ্চৰ প্ৰথম ভাৰ্চুৱেল বাৰ্ষিক সাধাৰণ সভাত একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰে অধ্যক্ষ মুকেশ আম্বানীয়ে। ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ ৪৩সংখ্যক বাৰ্ষিক সাধাৰণ সভাত ৫০০ স্থানৰ ১ লাখ বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰে। সভাত বিনিয়োগকাৰীসকলক সম্বোধন কৰি মুকেশ আম্বানীয়ে কয় যে কোৰোণাৰ বিৰুদ্ধে যুঁজত আমি জয়ী হ’মেই। জিঅ’ মিট জিঅ’ৰ এক সফলতা। ইতিমধ্যে ৫০ লাখ লোকে ব্যৱহাৰ কৰিছে জিঅ’ মিট। ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজ এই মুহূৰ্তত ঋণমুক্ত কোম্পানী। আমি প্ৰতিশ্ৰুতি পালনত সক্ষম হৈছো। দেশৰ ইতিহাসত ৰাইটছ ইছ্যু আমিয়ে আনিছো।

অনলাই শিক্ষাৰ বাবে জিঅ’ই আনিছে নতুন প্লেটফৰ্ম EMBIBE। এই প্লেটফৰ্মৰ জৰিয়তে ঘৰতে বহি লাভ কৰিব পাৰিব বিশ্বমানৰ শিক্ষা।

লগতে ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ অধ্যক্ষ আম্বানীয়ে কয় – জিঅ’ৰ 5G প্ৰযুক্তি প্ৰস্তুত। স্পেকট্ৰাম পালেই আগন্তুক বছৰত বজাৰত 5G প্ৰযুক্তি আনিবলৈ সাজু জিঅ’। সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে বজাৰলৈ 5G লৈ আহিব জিঅ’ই। ইয়াৰ উপৰি গুগলৰ সৈতে মিলি 4G-5G স্মাৰ্টফোন বনাব ৰিলায়েঞ্চে। এই স্মাৰ্টফোন এনড্ৰইড অপাৰেটিং ছিষ্টেমৰ হ’ব।
Published by: Sanjay Kumar Das
First published: July 15, 2020, 5:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading