• Home
  • »
  • News
  • »
  • nation
  • »
  • পঞ্জাৱ–হাৰিয়ানাৰ উদ্ভণ্ডালিত ধ্বংস সম্পত্তি! হাইক’ৰ্টৰ দ্বাৰস্থ ৰিলায়েন্স

পঞ্জাৱ–হাৰিয়ানাৰ উদ্ভণ্ডালিত ধ্বংস সম্পত্তি! হাইক’ৰ্টৰ দ্বাৰস্থ ৰিলায়েন্স

দেশেৰ অন্নদাতা কৃষকসকলক ৰিলায়েন্সে যি সৰ্বোচ্ছ সন্মান দিয়ে তথা নিজৰ সমৃদ্ধিক তেওঁলোকৰ সৈতে ভগাই ল’ব বিচাৰে সেই কথাও আদালতত কৰা আৱেদনত উল্লেখ কৰা হৈছে।

দেশেৰ অন্নদাতা কৃষকসকলক ৰিলায়েন্সে যি সৰ্বোচ্ছ সন্মান দিয়ে তথা নিজৰ সমৃদ্ধিক তেওঁলোকৰ সৈতে ভগাই ল’ব বিচাৰে সেই কথাও আদালতত কৰা আৱেদনত উল্লেখ কৰা হৈছে।

দেশেৰ অন্নদাতা কৃষকসকলক ৰিলায়েন্সে যি সৰ্বোচ্ছ সন্মান দিয়ে তথা নিজৰ সমৃদ্ধিক তেওঁলোকৰ সৈতে ভগাই ল’ব বিচাৰে সেই কথাও আদালতত কৰা আৱেদনত উল্লেখ কৰা হৈছে।

  • Share this:
মুম্বাই: পঞ্জাৱ তথা হাৰিয়ানাত যেনেকৈ কোম্পানীৰ এটাৰ পিছত আন এটা ম’বাইল টাৱাৰ তথা সম্পত্তিৰ ওপৰত আক্ৰমণ চলিছে সেয়া ৰোধ কৰিবলৈ এইবাৰ আদালতৰ দ্বাৰস্থ হৈছে ৰিলায়েন্স। সংস্থাৰ অধীনস্থ ৰিলায়েন্স জিঅ’ ইনফ’কম লিমিটেডৰ জৰিয়তে পঞ্জাৱ তথা হাৰিয়ানা হাইক’ৰ্টত গোচৰ দাখিল কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডে। এই তাণ্ডৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ হস্তক্ষেপ তাৎক্ষণিকভাৱে বিচাৰিছে কোম্পানীটোৱে।

আৱেদনত ৰিলায়েন্সৰ তৰফৰ পৰা দাবী কৰা হৈছে যে যিধৰণে দুষ্কৃতিকাৰীয়ে কোম্পানীৰ আন্তঃগাথনি ধ্বংস কৰাৰ টাৰ্গেট কৰি লৈছে তাত কোম্পানীৰ কৰ্মচাৰীৰ জীৱন সংশয়ৰ সৃষ্টি হৈছে। লগতে টেলিকমৰ দৰে জৰুৰীকালীন সেৱা ব্যাহত হোৱাৰ পৰিৱেশ ৰচনা হৈছে। এই দুই ৰাজ্যত কোম্পানীৰ বিপণন তথা বিক্ৰীকেন্দ্ৰত আক্ৰমণ চলাৰো অভিযোগ কৰিছে কোম্পানীয়ে।

কৃষক বিক্ষোভ আৰম্ভ হোৱাৰ পিছতে এই দুই ৰাজ্যত ৰিলায়েন্স জিঅ’ৰ বিভিন্ন আন্তঃগাথনিৰ ওপৰত আক্ৰমণ আৰম্ভ হৈছে। সংস্থাৰ অভিযোগ ব্যক্তিগত তথা ব্যৱসায়িক স্বাৰ্থ চৰিতাৰ্থ কৰাৰ কাৰণেই আক্ৰমণত প্ৰৰোচনা দিয়া হৈছে। দিল্লী সীমান্তত চলা কৃষক বিক্ষোভক ঢাল কৰি লৈ ৰিলায়েন্সৰ বিৰুদ্ধে উদ্দশ্য প্ৰণোদিত অপপ্ৰচাৰ চলোৱাৰো অভিযোগ।

নতুনকৈ পাছ হোৱা তিনিখন কৃষি আইনৰ জৰিয়তে ৰিলায়েন্সৰ কোনো স্বাৰ্থ সিদ্ধি নহয়, ইয়াৰ সমৰ্থনত অকাট্য যুক্তিও আদালতত দাখিল কৰা আৱেদনত উল্লেখ কৰা হৈছে। উদ্দেশ্যপ্রণোদিত ভাৱেই যে, ৰিলায়েন্সেৰ বিৰুদ্ধে অপপ্রচাৰ চলোৱা হৈছে সেয়া এই যুক্তিসমূহৰ পৰা স্পষ্ট।

কোম্পানীৰ তৰফৰ পৰা জনোৱা হৈছে যে অতীতত কেতিয়াও ৰিলায়েন্স বা তাৰ অধীনস্থ কোনো কোম্পানীয়ে কৰ্প’ৰেট ফাৰ্মিং বা কনট্ৰেক্ট ফাৰ্মিঙৰ (Contract Farming) দিশত আগবঢ়া নাই আৰু ভৱিষ্যতেও সেই দিশত ৰিলায়েন্সৰ কোনো পৰিকল্পনা নাই। ৰিলায়েন্সৰ ফালৰ পৰা দৃঢ়ভাৱে জনোৱা হৈছে যে পঞ্জাৱ আৰু হাৰিয়ানা সহ দেশৰ কোনো ৰাজ্যতে তেওঁলোকৰ কোনো কৃষিভূমি নাই। আনকি তাৰ কোনো পৰিকল্পনাও নাই। লগতে ৰিলায়েন্সৰ ৰিটেইল ব্যৱসায় এই মুহূৰ্তত দেশৰ খুচুৰা বজাৰত তৰ্কাতীত ভাৱে আগবাঢ়ি আছে। কোনোদিনেই কোম্পানীয়ে কৃষকসকলক বঞ্চনা কৰি দীর্ঘম্যাদী কোনো চুক্তি কৰা নাই আৰু নকৰে। দেশেৰ অন্নদাতা কৃষকসকলক ৰিলায়েন্সে যি সৰ্বোচ্ছ সন্মান দিয়ে তথা নিজৰ সমৃদ্ধিক তেওঁলোকৰ সৈতে ভগাই ল’ব বিচাৰে সেই কথাও আদালতত কৰা আৱেদনত উল্লেখ কৰা হৈছে।
First published: