‘চৰকাৰক বকেয়া দিবলৈ টেলিকম কোম্পানীসমূহ সক্ষম, ভুল পথে কিয় পৰিচালনা কৰিছে?’ COAIক প্ৰশ্ন ৰিলায়েন্স JIOৰ

অন্য টেলিকম কোম্পানীৰ নাম নোলোৱাকৈ ৰিলায়েন্স জিঅ’ই দিলে কঠোৰ বাৰ্তা।

News18-Assam
Updated:October 30, 2019, 7:40 PM IST
‘চৰকাৰক বকেয়া দিবলৈ টেলিকম কোম্পানীসমূহ সক্ষম, ভুল পথে কিয় পৰিচালনা কৰিছে?’  COAIক প্ৰশ্ন ৰিলায়েন্স JIOৰ
অন্য টেলিকম কোম্পানীৰ নাম নোলোৱাকৈ ৰিলায়েন্স জিঅ’ই দিলে কঠোৰ বাৰ্তা।
News18-Assam
Updated: October 30, 2019, 7:40 PM IST
টেলিকম খণ্ডৰ বৃহৎ কোম্পানী ৰিলায়েন্স জিঅ’ (Reliance Jio)–এ চিঅ’আইএৰ দ্বাৰা DoT (Department of Telecom)লৈ পত্ৰৰ উত্তৰ প্ৰদান কৰি কৈছে যে টেলিকম খণ্ডত কোনো ধৰণৰ সংকট অহা নাই। আপোনালোকক জনাও যে শেহতীয়াকৈ টেলিকম কোম্পানীসমূহৰ সংগঠন COAI (Cellular Operators Association of India)–এ দূৰসংযোগ বিভাগলৈ এখন পত্ৰ লিখিছিল য’ত তেওঁলোকে চৰকাৰক টেলিকম বিভাগৰ ওপৰত বিত্তীয় হেঁচা কম কৰিবলৈ অনুৰোধ কৰিছিল। জিঅ’ই এতিয়া COAIৰ ওপৰত কেৱল দুটা মাত্ৰ কোম্পানীক সমৰ্থন কৰাৰ অভিযোগ আনিছে। জিঅ’ই চিঅ’আইলৈ লিখা পত্ৰত স্পষ্ট কৰি দিছে যে জিঅ’ৰ প্ৰতি অৰ্গেনাইজেশ্যনৰ এই ব্যৱহাৰে তেওঁলোকক এটা ইণ্ডাষ্ট্ৰী অৰ্গেনাইজেশ্যনৰ সলনি দুটা সেৱা প্ৰদানকাৰীৰ মুখপাত্ৰলৈ পৰিণত কৰিছে।

জিঅ’ই COAIৰ দ্বাৰা দূৰসংযোগ বিভাগলৈ লিখা পত্ৰত উল্লেখ কৰা সকলো অভিযোগ নস্যাৎ কৰিছে। জিঅ’ই উল্লেখ কৰিছে যে দুটা অপাৰেটৰৰ বিফলতাই চেক্টৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। ইয়াৰ লগতে ইয়াৰ ডিজিটাইজেশ্যন আৰু চৰকাৰী কাৰ্যসূচীত কোনো ধৰণৰ প্ৰভাৱ নপৰে। COAI–এ ডিঅ’টিলৈ লিখা পত্ৰত টেলিকম চেক্টৰত বিত্তীয় হেঁচা দিয়াৰ ফলত সৃষ্টি হোৱা সমস্যাৰ কথা উল্লেখ কৰিছিল।

জিঅ’ই COAIৰ ওপৰত ভুল তথ্য প্ৰদান কৰাৰ অভিযোগ কৰিছে। জিঅ’ই COAIৰ মনোযোগ ছুপ্ৰীম কৰ্টৰ আদেশলৈ কেন্দ্ৰিত কৰি কৈছে যে অপাৰেটৰ্ছ সকলৰ ওচৰত ইমান ক্ষমতা আছে যে তেওঁলোকে চৰকাৰৰ সকলো বকেয়া ৰাশি আদায় দিব পাৰে। চিঅ’আইয়ে এটা সংস্থাৰ দৰে কাৰ্যনিৰ্বাহ কৰিব লাগে আৰু ছুপ্ৰীম কৰ্টৰ আদেশৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাতকৈ সংস্থাৰ সদস্যসকলে ছুপ্ৰীম কৰ্টৰ আদেশক সন্মান কৰিবলৈ কয়। জিঅ’ই কোনো কোম্পানীৰ নাম নোলোৱাকৈ টেলিকম খণ্ডত চলি থকা ধুমুহাৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি