ৰিলায়েঞ্চ জিঅ’ ইনফ’কমে নিজৰ গ্ৰাহকৰ বাবে লৈ আহিছে এক ভাল খবৰ। কোম্পানীটোৱে গ্ৰাহকক ৩০ মিনিটৰ ফ্ৰী টকটাইম দিয়াৰ ঘোষণা কৰিছে। জানিব পৰা মতে, প্ৰথমবাৰ নিজৰ নম্বৰত ৰিচাৰ্জ কৰিলে গ্ৰাহকে লাভ কৰিব ৩০ মিনিটৰ ফ্ৰী টকটাইম। এই ৱান টাইম অফাৰ প্লেনৰ ঘোষণাৰ প্ৰথম ৭ দিনলৈহে উপলব্ধ হ’ব।
জিঅ’ৰ এই লিমিটেড পিৰিয়ড অফাৰ শেহতীয়া সিদ্ধান্তৰ ৪৮ ঘণ্টাৰো কম সময়ত আগবঢ়াইছে। ৰিচাৰ্জ কৰা গ্ৰাহকক মেছেজৰ জৰিয়তে জিঅ’ই দিছে এই তথ্য। ৰিলায়েঞ্চ জিঅ’ই ৯ অক্টোবৰত IUC চাৰ্জৰ ঘোষণা কৰিছিল, য’ত কোৱা হৈছিল যে জিঅ’ৰ গ্ৰাহকে আন নেটৱৰ্কত কল কৰিলে ভৰিব লাগিব প্ৰতি মিনিটত ৬ পইচাকৈ। TRAIৰ IUC চাৰ্জৰ বাবে প্ৰতি মিনিটত ৬ পইচাকৈ গ্ৰাহকৰ পৰা লোৱা হ’ব বুলি ঘোষণা কৰিছিল জিঅ’ই।
এই ঘোষণাৰ লগে লগে জিঅ’ই আন নেটৱৰ্কত কল কৰাৰ বাবে নতুন প্লেনো ঘোষণা কৰিছিল। ইয়াৰ বাবে জিঅ’ই ১০ টকাৰ পৰা ১০০ টকালৈ টপআপ জাৰি কৰিছিল। ১০ টকাৰ প্লেনত গ্ৰাহকে আন নেটৱৰ্কলৈ ১২৪ মিনিট আৰু ২০ টকাত ২৪৯ মিনিট কলিঙৰ সুবিধা পাব।
আনহাতে, ৫০ টকাত ৬৫৬ মিনিট আৰু ১০০ টকাৰ প্লেন ১৩৬২ মিনিট কলিঙৰ সুবিধা লাভ কৰিব জিঅ’ৰ গ্ৰাহকে। অৱশ্যে IUC টপআপৰ সমান মূল্যৰ ডাটা ব্যৱহাৰকাৰীলৈ আগবঢ়োৱা হ’ব। ১০ টকাৰ টপআপত ১ জিবি, ২০ টকাত ২ জিবি, ৫০ টকাত ৫ জিবি আৰু ১০০ টকাত ১০ জিবি ডাটা আগবঢ়াব কোম্পানীটোৱে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|