உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Reliance AGM 2021: দেশৰ ১১ শতাংশ মেডিকেল গ্ৰেড লিকুইড অক্সিজেন উত্‍পাদন কৰিছে ৰিলায়েন্সে

    Reliance AGM 2021: দেশৰ ১১ শতাংশ মেডিকেল গ্ৰেড লিকুইড অক্সিজেন উত্‍পাদন কৰিছে ৰিলায়েন্সে

    বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰিলায়েন্সৰ ৪৪ সংখ্যক এনুৱেল জেনেৰেল মিটিং।

    বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰিলায়েন্সৰ ৪৪ সংখ্যক এনুৱেল জেনেৰেল মিটিং।

    বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰিলায়েন্সৰ ৪৪ সংখ্যক এনুৱেল জেনেৰেল মিটিং।

    • Share this:
    বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰিলায়েন্সৰ ৪৪ সংখ্যক এনুৱেল জেনেৰেল মিটিং। বৈঠকৰ আৰম্ভণিতে কোৰোণাৰ সৈতে যুঁজি মৃত্যুক আঁকোৱালি লোৱা সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অধ্যক্ষ মুকেশ আম্বানীৰ লগতে নীতা আম্বানীয়ে।

    দেশৰ কোৰোণা পৰিস্থিতিৰ বাবে বাৰ্ষিক মিটিং খন ভাৰ্চুৱেলী অনুষ্ঠিত কৰা হয়। বৈঠকত অধ্যক্ষ মুকেশ আম্বানীয়ে তিনি কোটিতকৈ অধিক শ্বেয়াৰ হোল্ডাৰৰ আগত নিজৰ মন্তব্য দাঙি ধৰে।

    মুকেশ আম্বানীয়ে কয় যে, আমি দেশৰ কথা চিন্তা কৰো। কৰ্মচাৰীসকলৰ কথা চিন্তা কৰো। কোম্পানীৰ বহু কৰ্মচাৰী আৰু শ্বেয়াৰ হোল্ডাৰে কোৰোণা মহামাৰীৰ সৈতে যুঁজিছে। কোৰোণাৰ এনে বিভীষিকাৰ মাজতো বিত্তীয় বৰ্ষ ২০২০-২১ত RIL-এ ভাল প্ৰদৰ্শন কৰি আছে।

    বৈঠকত নীতা আম্বানীয়ে কয় য়ে, ' ভাৰতবৰ্ষই প্ৰাৰম্ভীক পৰ্যায়ত অক্সিজেনৰ অভাৱৰ সন্মুখীন হৈছিল। এই ক্ষেত্ৰত ৰিলায়েন্সেও সহায় কৰিবলৈ আহবাঢ়ি আহে। যদিও অক্সিজেন উত্পাদন পূৰ্বতে ৰিলায়েন্সে কৰা নাছিল, কিন্তু দেশৰ স্বাৰ্থত জাম নগৰত কম দিনৰ ভিতৰতে ৰিফাইনাৰী স্থাপন কৰা হয়। বৰ্তমান দেশৰ ১১ শতাংশ মেডিকেল গ্ৰেড লিকুইড অক্সিজেন উত্পাদন কৰিছে ৰিলায়েন্সে।
    Published by:Himangshu Bhuyan
    First published: