ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ৰাইটছ ইছ্যু আৰম্ভ, প্ৰথমদিনাই ব্যাপক হাৰত হ’ল লেনদেন

News18 Assam | News18-Assam
Updated:May 20, 2020, 7:02 PM IST
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ৰাইটছ ইছ্যু আৰম্ভ, প্ৰথমদিনাই ব্যাপক হাৰত হ’ল লেনদেন
আজিৰ পৰা আৰম্ভ হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ৰাইটছ ইছ্যু

আজিৰ পৰা আৰম্ভ হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ৰাইটছ ইছ্যু

  • Share this:
আজিৰ পৰা আৰম্ভ হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ৰাইটছ ইছ্যু। দেশৰ সৰ্ববৃহত্‍ প্ৰতিষ্ঠানটোৰ শ্বেয়াৰ ক্ৰয় কৰিবলৈ এয়াই হ’ল সুবৰ্ণ সুযোগ। যোৱা তিনিটা দশকৰ ভিতৰত এয়াই প্ৰথম সুবিধা। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ ৫৩,১২৫ কোটি টকা মূল্যৰ ৰাইটছ ইছ্যু আৰম্ভ কৰা হ’ল। এই ধনৰ লেনদেনৰ বাবে শ্বেয়াৰ বজাৰত নতুন এটা নতুন প্লেটফৰ্ম তৈয়াৰ হৈছে।

বুধবাৰৰ দিনা ৰিলায়েন্সৰ শ্বেয়াৰ ১,৪২৯.৩০ টকাত শেষ হয়। ৰাইটছ ইছ্যু প্ৰাইচ হ’ল ১,২৫৭ টকা। ফলত বুধবাৰে ক্লোজিং প্ৰাইচত কিছু পাৰ্থক্য দেখিবলৈ পোৱা গ’ল। সেই লাভৰ কাৰণেই বিনিয়োগকাৰীয়ে অধিক বেছি দাম দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

RE প্লেটফৰ্মত প্ৰথমদিনাই ব্যাপক লেনদেন দেখা গৈছে। এই লেনদেন ২৯ মে’ত বন্ধ হ’ব।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ৰাইটছ ইছ্যু ২০২০ চনৰ ৩ জুনত বন্ধ হ’ব। যোৱা ১৪ মে’ পৰ্যন্ত বৰ্তমানৰ শ্বেয়াৰ হোল্ডাৰ সকলৰ হাতত থকা প্ৰতি ১৫টা শ্বেয়াৰ পিছত এটা কৰি এই স্বত্বাধিকাৰ ১২৫৭ টকাৰ দিছে প্ৰতিষ্ঠানটোৱে।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰহোল্ডাৰসকলে প্ৰতিষ্ঠানটোৰ ৰাইটছ ইছ্যুৰ ২৫ শতাংশ এতিয়া দিব লাগিব। বাকী দুটা কিস্তি অহা বছৰ মে’ আৰু নবেম্বৰ মাহত দিলেও হ’ব।

১২৫৭ টকাৰ প্ৰতিটো শ্বেয়াৰৰ বাবে বৰ্তমান ৩১৪.২৫ টকা দিব লাগিব শ্বেয়াৰ হোল্ডাৰে। বাকী টকা পৰৱৰ্তী সময়ত দিয়াৰ সুয়োগ পাব শ্বেয়াৰহোল্ডাৰ সকলে। ২০২১ চনৰ মে’ মাহকত পুনৰ ২৫ শতাংশ দিব লাগিব। সেইদৰে ২০২১ৰ নবেম্বৰ মাহত বাকী ৫০ শতাংশ দাম অৰ্থাত্‍ ৬২৮.৫০ টকা দিব লাগিব।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading