RIL Q4 Results: মুঠ ৰাজহ ১ লাখ কোটিতকৈও অধিক, চকুৰ পলকতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চতুৰ্থ ত্ৰিমাসিকৰ ফলাফল

News18 Assam | News18-Assam
Updated:April 30, 2020, 11:44 PM IST
RIL Q4 Results: মুঠ ৰাজহ ১ লাখ কোটিতকৈও অধিক, চকুৰ পলকতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চতুৰ্থ ত্ৰিমাসিকৰ ফলাফল
কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে দৰমহা নোলোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰে।

কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে দৰমহা নোলোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰে।

  • Share this:
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে বৃহস্পতিবাৰে চতুৰ্থ ত্ৰিমাসিকৰ ফলাফল ঘোষণা কৰে। দেশৰ সবাটোতকৈ ডাঙৰ প্ৰতিষ্ঠান ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চতুৰ্থ ত্ৰিমাসিক অৰ্থাত্‍ (জানুৱাৰী-মাৰ্চ)ত্ৰিমাসিকত লাভ হয় ৬,৩৪৮ কোটি টকা।

  • ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে বৃহস্পতিবাৰে চতুৰ্থ ত্ৰিমাসিকৰ ফলাফল ঘোষণা কৰে। জানিব পৰা গৈছে যে, অপাৰেশ্যনৰ পৰা সংস্থাৰ আয়ৰ পৰিমাণ ১ লাখ ৩৬ হাজাৰ, ২৪০ কোটি টকা। এডজাষ্টেড নেট লাভ ১০ হাজাৰ ৮১৩ কোটি টকা।


  • ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ২০২০ বৰ্ষৰ জানুৱাৰী-মাৰ্চত লাভ হ’ল ৬,৩৪৮ কোটি টকা। য’ত ২০১৯ চনৰ ডিচেম্বৰ কোৱাৰ্টাৰ লৈকে কোম্পানীৰ লাভ হৈছিল ১১,৬৪০ কোটি টকা।

  • পেট্ৰ’কেমিকেলৰ পৰা হোৱা সৰ্বমুঠ আয় ৩২ হাজাৰ ২০৫ কোটি টকা। তেল শোধনাগাৰৰ পৰা হোৱা মুঠ আয় ৮৪ হাজাৰ ৮৫৪ কোটি টকা। ৰিটেইল ব্যৱসায়ৰ পৰা হোৱা আয় ৩৮ হাজাৰ ২১১ কোটি টকা।

  • জিঅ’ৰ পৰা হোৱা লাভৰ পৰিমাণ ২ হাজাৰ ৩৩১ কোটি টকা। য’ত বৃদ্ধি ৭৩ শতাংশ।



ইয়াৰ পূৰ্বে কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে দৰমহা নোলোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰে। আনকি RIL বৰ্ডৰ সদস্য সকলেও নিজৰ দৰমহা ৫০ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
Published by: Himangshu Bhuyan
First published: April 30, 2020, 9:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি