ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ সৰ্ববৃহৎ অভিলেখ! ১০ লাখ কোটি অতিক্ৰম কৰিলে মাৰ্কেট কেপ

ৰিলায়েঞ্চৰ শ্বেয়াৰত হোৱা দ্ৰুত উত্থানৰ বাবে মাৰ্কেট কেপ বৃদ্ধি পাইছে।
ৰিলায়েঞ্চৰ শ্বেয়াৰত হোৱা দ্ৰুত উত্থানৰ বাবে মাৰ্কেট কেপ বৃদ্ধি পাইছে।
- News18 Assam
- Last Updated: November 28, 2019, 12:50 PM IST
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰত হোৱা দ্ৰুত বৃদ্ধিৰ বাবে কোম্পানীৰ মাৰ্কেট কেপ সৰ্বোচ্চ স্তৰত উপনীত হৈছে। যদি কোনো বিনিয়োগকাৰীয়ে ৰিলায়েঞ্চৰ আই পি অ’ত ১০ হাজাৰ টকা বিনিয়োগ কৰিছে তেন্তে তেওঁৰ মুঠ ধনৰ পৰিমাণ বৃদ্ধি হৈ ২.১০ কোটি টকা হৈছেগৈ। উল্লেখযোগ্য যে বিগত ৪২ বছৰত ৰিলায়েঞ্চৰ শ্বেয়াৰে ২,০৯,৯০০ শতাংশৰ ৰিটাৰ্ন ভৰিছে।
যদি কোনো বিনিয়োগকাৰীয়ে এতিয়াও ৰিলায়েঞ্চৰ শ্বেয়াৰত ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে তেওঁলোকৰ বাবে আছে ভাল সুবিধা। কিয়নো কিয়নো কেইবাটাও বৃহৎ ৰেটিং এজেন্সীয়ে এই পৰামৰ্শ প্ৰদান কৰিছে। আমেৰিকাৰ ৰেটিং এজেন্সী মৰ্গান ষ্টেনলীয়ে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰক অভাৰৰেটেড ৰেটিং প্ৰদান কৰিছে।