৯.৫ লাখ কোটিৰ মাৰ্কেট কেপেৰে অভিলেখ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ, দেশৰ ১ নম্বৰ কোম্পানী RIL

News18-Assam
Updated:November 21, 2019, 12:33 PM IST
৯.৫ লাখ কোটিৰ মাৰ্কেট কেপেৰে অভিলেখ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ, দেশৰ ১ নম্বৰ কোম্পানী RIL
এই অভিলেখ গঢ়া দেশৰ প্ৰথমটো কোম্পানী ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ লিমিটেড।

এই অভিলেখ গঢ়া দেশৰ প্ৰথমটো কোম্পানী ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ লিমিটেড।

  • News18 Assam
  • Last Updated: November 21, 2019, 12:33 PM IST
  • Share this:
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ লিমিটেড দেশৰ ১ নম্বৰ কোম্পানী হিচাপে প্ৰতিষ্ঠিত হৈছে। ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰ দ্ৰুতগতিত বৃদ্ধি পোৱাত মঙলবাৰে ৯.৫ লাখ কোটি টকা হয়গৈ। এই অভিলেখ গঢ়া দেশৰ প্ৰথমটো কোম্পানী ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ লিমিটেড। বিশেষজ্ঞৰ মতে, টেৰিফ বৃদ্ধিৰ ফলত সকলো টেলিকম কোম্পানীৰ শ্বেয়াৰ বৃদ্ধি পাইছে। ইয়াৰ প্ৰভাৱ দেখা গৈছে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ ক্ষেত্ৰতো।

ইয়াৰ লগে লগে শক্তি কোম্পানীৰ ক্ষেত্ৰখনত বিশ্বৰ ষষ্ঠ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ। ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হ’ল।

 

দেশৰ শীৰ্ষস্থানৰ কেইটামান কোম্পানীৰ তালিকা
১. ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ লিমিটেড : মাৰ্কেট কেপ – ৯.৫ লাখ কোটি টকা
২. টিচিএছ (টাটা কনচালটেন্সী ছাৰ্ভিচেজ) : মাৰ্কেট কেপ – ৭.৯১ লাখ কোটি
৩. এইচ ডি এফ চি বেংক : মাৰ্কেট কেপ – ৬.৯৫ লাখ কোটি

৪. হিন্দুস্তান ইউনিলিভাৰ লিমিটেড : মাৰ্কেট কেপ – ৪.৪১ লাখ কোটি
৫. এইচ ডি এফ চি লিমিটেড : মাৰ্কেট কেপ – ৩.৩ লাখ কোটি
৬. আই চি আই চি আই বেংক : মাৰ্কেট কেপ – ৩.২১ লাখ কোটি
৭. কোটেক মহিন্দ্ৰা বেংক : মাৰ্কেট কেপ – ৩.৩ লাখ কোটি
৮. ইণ্ডিয়ান টবেক’ কোম্পানী (আইটিচি) : মাৰ্কেট কেপ – ৩.৬ লাখ কোটি
৯. ইনফ’ছিছ : মাৰ্কেট কেপ – ৩.০৩ লাখ কোটি

 
আৰু চাওক পৰৱৰ্তী বাতৰি