RIL Q1 result: ধাৰ্য কৰাতকৈও বাঢ়িল লাভৰ পৰিমাণ, প্ৰথম তিনিমাহত ১৩,২৪৮ কোটিৰ লাভ, ৩১ শতাংশ বাঢ়িল লাভৰ হাৰ

News18 Assam | News18-Assam
Updated:July 30, 2020, 9:06 PM IST
RIL Q1 result: ধাৰ্য কৰাতকৈও বাঢ়িল লাভৰ পৰিমাণ, প্ৰথম তিনিমাহত ১৩,২৪৮ কোটিৰ লাভ, ৩১ শতাংশ বাঢ়িল লাভৰ হাৰ
দেশত বৰ্তমান অব্যাহত আছে কোৰোণাৰ সংহাৰ। তাৰ মাজতো ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বাবে আহিছে ইটোৰ পিছত ভাল খবৰ।

দেশত বৰ্তমান অব্যাহত আছে কোৰোণাৰ সংহাৰ। তাৰ মাজতো ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বাবে আহিছে ইটোৰ পিছত ভাল খবৰ।

  • Share this:
দেশত বৰ্তমান অব্যাহত আছে কোৰোণাৰ সংহাৰ। তাৰ মাজতো ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বাবে আহিছে ইটোৰ পিছত ভাল খবৰ। বৃহস্পতিবাৰে প্ৰকাশ পোৱা ৰিপৰ্ট অনুসৰি, ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহ(এপ্ৰিল-জুন)ত ১৩,২৪৮ কোটি টকাৰ লাভ হৈছে। যি বিগত বৰ্ষত কৈ ৩১ শতাংশ অধিক। ২০১৯ৰ এপ্ৰিল-জুনত ৰিলায়েন্সৰ লাভ হৈছিল ১০,১৪১ কোটি টকা।

প্ৰতিষ্ঠানটোৰ লাভ বৃদ্ধি প্ৰধানতঃ জিঅ’প্লেটফৰ্মৰ শ্বেয়াৰ বিক্ৰীৰ ফলত হৈছে। প্ৰতিষ্ঠানটোৱে উল্লেখ কৰিছে যে, শ্বেয়াৰ বিক্ৰীৰ পৰা ৪,৯৬৬ কোটি টকাৰ এক্সেপশ্যনেল গেইন হৈছে।

উল্লেখযোগ্য যে, কোৰোণা ভাইৰাছ, ল’ক ডাউনৰ পিছত ৰিলায়েন্স জিঅ’, ৰিটেইল, অইল ট্যু কেমিকেল বিজনেছৰ ৰিজাল্ট ভবাতকৈ বহু ভাল আহিছে। যদিও অইল ট্যু কেমিকেল ব্যৱসায়ত কিছু শেহতীয়া পৰিস্থিতিৰ প্ৰভাৱ পৰিছে। ৰিলায়েন্সৰ গ্ৰুথ ৰিফাইণ্ডিং মাৰ্জিন $6.3/bbl।
Published by: Himangshu Bhuyan
First published: July 30, 2020, 9:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading