News18 AssamNews18 Assam
|
News18-Assam Updated:February 18, 2020, 9:49 AM IST
ইয়াৰ জৰিয়তে Network18-ৰ বছৰি লাভ হ’ব ৮হাজাৰ কোটি টকা।
ইয়াৰ জৰিয়তে Network18-ৰ বছৰি লাভ হ’ব ৮হাজাৰ কোটি টকা।
মিডিয়া আৰু ডিষ্ট্ৰিবিউশ্যন সংক্ৰান্তীয় ব্যৱসায় একত্ৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে। সেইমৰ্মে Network18 ব্ৰেণ্ডৰ সৈতে অন্তৰ্ভুক্ত হ’ল মিডিয়া আৰু ডিষ্ট্ৰিবিউশ্যনৰ সংক্ৰান্তীয় সমগ্ৰ ব্যৱসায়। ইয়াৰ ফলত Network18-ৰ বাৰ্ষিক লাভ হ’বগৈ ৮হাজাৰ কোটি টকা। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৯মাহত Zee আৰু Sunৰ দৰে ‘হেভীৱেট’ সংস্থাক চেৰাই সৰ্ববৃহৎ নথিভুক্ত সংবাদমাধ্যম সংস্থা হিচাপে নাম কৰিবলৈ গৈ আছে Network18 ৷ Network18 -ৰ আওতাত থাকিব সম্প্ৰচাৰ, কেবল আৰু ISP ব্যৱসায় ৷ সোমবাৰে TV18 Broadcast, Hathway Cable & Datacom, Den Networks and Network18 Media & Investmentsৰ এখন বৰ্ড মিটিং সম্পন্ন হয়। এই বৈঠকৰ পিছতে ৰিলায়েন্সৰ তৰফৰ পৰা এক বিবৃতিত জনোৱা হয় যে দেশৰ সৰ্ববৃহৎ কেবল ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্ক একেই সংস্থাৰ অন্তৰ্গত হোৱাৰ ফলত আগন্তুক সময়ত অধিক দক্ষতাৰে কাম কৰিব পৰা যাব। ইয়াৰ জৰিয়তে সংস্থাৰ অংশীদাৰো লাভৱান হ’ব।