உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • কোৰোণা সংকটঃ দৰমহা নোলোৱাৰ সিদ্ধান্ত ল’লে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ মুকেশ আম্বানীয়ে

    কোৰোণা সংকটঃ দৰমহা নোলোৱাৰ সিদ্ধান্ত ল’লে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ মুকেশ আম্বানীয়ে

    • Share this:
    কোৰোণা ভাইৰাছৰ সন্ত্ৰাস এতিয়া সমগ্ৰ দেশতে। কোৰোণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ সৰ্বত্ৰ ল’ক ডাউন। ল’ক ডাউনৰ ফলত এতিয়া স্তব্ধ হৈ পৰিছে সমগ্ৰ ভাৰতবৰ্ষ। তাৰ মাজতে ৰিলেয়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ল’লে দৰমহা নোলোৱাৰ সিদ্ধান্ত। আনকি RILৰ বৰ্ড মেম্বাৰ সকলেও নিজৰ দৰমহাৰ ৫০ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্ত ল’লে।

    উল্লেখযোগ্য যে, ল’ক ডউনৰ ফলত এতিয়া সমগ্ৰ দেশতে ব্যৱসায় বাণিজ্যত হৈছে তীব্ৰ ক্ষতি। ‘hydrocarbon business’টো পৰিছে কোৰোণা ভাইৰাছৰ প্ৰভাৱ। ইয়াৰ ফলত ‘hydrocarbon business’ত কাম কৰা কৰ্মচাৰীৰ দৰমহাৰ ১০ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিন্তু যিসকলৰ দৰমহা বাৰ্ষিক ১৫ লাখ টকাতকৈ কম, তেওঁলোকৰ দৰমহা কৰ্তন কৰা নহয় বুলি জানিবলৈ দিছে।
    Published by:Himangshu Bhuyan
    First published: