সমগ্ৰ বিশ্বৰ বজাৰতে আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ আধিপত্য।
সমগ্ৰ বিশ্বৰ বজাৰতে আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ আধিপত্য।
দেশৰ আটাইতকৈ ডাঙৰ প্ৰতিষ্ঠান ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটে়ড এতিয়া বিশ্বৰ ৪০ নম্বৰ স্থানৰ মূল্যবান প্ৰতিষ্ঠান হিচাপে পৰিগণিত হ’ল। ইয়াৰ লগতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে মাৰ্কেট কেপ ২০০ আৰব ডলাৰ স্পৰ্শ কৰা দেশৰ প্ৰথমটো প্ৰতিষ্ঠান হোৱাৰ গৌৰৱ অৰ্জন কৰিলে।ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ কেঁচা তেল, ৰিফাইনেৰী, পেট্ৰ’ ৰাসায়ন, ৰিটেল আৰু টেলিকম চেক্টৰত কাম কৰা দেশত শীৰ্ষস্থানীয় কোম্পানী। সমগ্ৰ বিশ্বৰ বজাৰতে আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ আধিপত্য।
মাৰ্কেট বিশেষজ্ঞৰ মতে, প্ৰথমবাৰলৈ ভাৰতৰ এটা প্ৰতিষ্ঠানে ২০০ আৰব ডলাৰ মাৰ্কেট কেপ স্পৰ্শ কৰাটো ঔদ্যোগিক খণ্ডৰ বাবে আশাৰ খবৰ। মাৰ্কেট বিশেষজ্ঞই লগতে কয় যে, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ বৰ্তমান বিশ্বৰ ৪০ নম্বৰৰ আটাইতকৈ মূল্যবান কোম্পনী। Exxon Mobil, পেপচিকো, SAP, Oracle, Pfizer, Novartis আদি আগশাৰীৰ কোম্পানীতকৈ আগত আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|