মহাৰাষ্ট্ৰ চৰকাৰৰ সৈতে কান্ধত কান্ধ মিলাই যুঁজ! কোভিদ বেড নিৰ্মাণৰ বাবে বৃহৎ সেৱা আগবঢ়াইছে ৰিলায়েন্স ফাউণ্ডেশ্যনে

News18 Assam | News18-Assam
Updated:April 26, 2021, 8:02 PM IST
মহাৰাষ্ট্ৰ চৰকাৰৰ সৈতে কান্ধত কান্ধ মিলাই যুঁজ! কোভিদ বেড নিৰ্মাণৰ বাবে বৃহৎ সেৱা আগবঢ়াইছে ৰিলায়েন্স ফাউণ্ডেশ্যনে
মহাৰাষ্ট্ৰ চৰকাৰ, মুম্বাই মিউনিচিপ্যাল কৰ্পোৰেশ্যনৰ সৈতে হাতত হাত মিলাই মুম্বাইৰ বিভিন্ন ঠাইত কোভিদ বেডৰ বন্দবস্ত কৰিছে ৰিলায়েন্সে।

মহাৰাষ্ট্ৰ চৰকাৰ, মুম্বাই মিউনিচিপ্যাল কৰ্পোৰেশ্যনৰ সৈতে হাতত হাত মিলাই মুম্বাইৰ বিভিন্ন ঠাইত কোভিদ বেডৰ বন্দবস্ত কৰিছে ৰিলায়েন্সে।

  • Share this:
কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিছে সমগ্ৰ দেশে। মহাৰাষ্ট্ৰত কোৰোণাই লৈছে আগ্ৰাসী ৰূপ। ব্যাপক ভাবে ক্ষতিৰ সন্মুখীন হৈছে ৰাজ্যখন। প্ৰতিদিনাই লাখৰ ঘৰত কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ধৰা পৰিছে মহাৰাষ্ট্ৰত। এনে কঠিন পৰিস্থিতিত ৰাজ্যখনলৈ সহায়ৰ হাত আগবঢ়াইছে ৰিলায়েন্স ফাউণ্ডেশ্যনে। কোৰোণাত আক্ৰান্ত ৰোগীৰ চিকিত্‍সাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি সংস্থাটোৱে এইবাৰ মুম্বাইত আৰম্ভ কৰিছে ৮৭৫ খন কোভিদ বেড, যাতে জৰুৰীকালীন চিকিত্‍সাৰ পৰা কোনো ৰোগী বঞ্চিত হ'বলগীয়া নহয়।

জনা গৈছে যে, মহাৰাষ্ট্ৰ চৰকাৰ, মুম্বাই মিউনিচিপ্যাল কৰ্পোৰেশ্যনৰ সৈতে হাতত হাত মিলাই মুম্বাইৰ বিভিন্ন ঠাইত কোভিদ বেডৰ বন্দবস্ত কৰিছে ৰিলায়েন্সে। সংস্থাৰ এই উদ্যোগ মূলতঃ তিনিটা পদক্ষেপত ভাগ কৰা যায়-

১. এই হাস্পতালত ১০০টা ইনটেনচিভ কেয়াৰ ইউনিট বেড প্ৰতিষ্ঠা কৰা হৈছে, যি ১৫ মে'ৰ পৰা আৰম্ভ হৈছে।

২. নেচনেল স্পোৰ্টচ ক্লাব অব ইণ্ডিয়াৰ উদ্যোগত ৫৫০টা কোভিদ বেড ইতিমধ্যেই আৰম্ভ হৈছে। ১ মে'ৰ পৰা সেয়া পৰিচালনা কৰিব চাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালে।
৩. ডাক্তৰ, নাৰ্ছ আৰু নন-মেডিকেল প্ৰফেশ্যনেল সহ ৫০০ জনীয়া এটা দলে তৈয়াৰ কৰিছে চ্যাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতাল।
৪. নেচনেল স্পোৰ্টচ ক্লাৱ অব ইণ্ডিয়াৰ লগতে চেভেন হেলথ হাস্পতালৰ কোভিড বেডৰ খৰচ বহন কৰিব ৰিলায়েন্স ফাউণ্ডেশ্যনে। এই দুই সংস্থাত ভৰ্তি ৰোগীৰ চিকিত্‍সা  সম্পূৰ্ণ বিনামূলীয়া হ'ব।
Published by: Himangshu Bhuyan
First published: April 26, 2021, 8:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি