உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ৰিলায়েন্স ফাউণ্ডেচনে কেৰালা চৰকাৰলৈ আগবঢ়ালে ২.৫ লাখ কোভিড ভেকচিন

    ৰিলায়েন্স ফাউণ্ডেচনে কেৰালা চৰকাৰলৈ আগবঢ়ালে ২.৫ লাখ কোভিড ভেকচিন

    কোভিড-১৯ বিৰোধী যুঁজত ৰিলায়েন্স ফাউণ্ডেচনৰ তৰফৰ পৰা নীতা আম্বানিৰ নেতৃত্বত ৰাষ্ট্ৰক সমৰ্থন কৰাৰ বাবে আগভাগ লৈ অহা দেখা হৈছে।

    কোভিড-১৯ বিৰোধী যুঁজত ৰিলায়েন্স ফাউণ্ডেচনৰ তৰফৰ পৰা নীতা আম্বানিৰ নেতৃত্বত ৰাষ্ট্ৰক সমৰ্থন কৰাৰ বাবে আগভাগ লৈ অহা দেখা হৈছে।

    কোভিড-১৯ বিৰোধী যুঁজত ৰিলায়েন্স ফাউণ্ডেচনৰ তৰফৰ পৰা নীতা আম্বানিৰ নেতৃত্বত ৰাষ্ট্ৰক সমৰ্থন কৰাৰ বাবে আগভাগ লৈ অহা দেখা হৈছে।

    • Share this:

    ৰিলায়েন্স ফাউণ্ডেচনে কেৰালা চৰকাৰলৈ আগবঢ়াইছে ২.৫ লাখ বিনামূলীয়া কোভিড-১৯ ভেকচিন ডোজ। ৰাজ্যখনত কোভিড টিকাকৰণ প্ৰক্ৰিয়া বৃদ্ধিৰ বাবে ফাউণ্ডেচনে এই ভেকচিন প্ৰদান কৰে। আজি ৰিলায়েন্সৰ এটা প্ৰতিনিধি দলে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নক আনুষ্ঠানিকভাৱে এই প্ৰতিশ্ৰুতি–পত্ৰ প্ৰদান কৰে।


    ৰিলায়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক-অধ্যক্ষা নীতা আম্বানিয়ে এই সন্দৰ্ভত কয়– দেশৰ নাগৰিকক ভাইৰাছৰ পৰা সুৰক্ষিত কৰাৰ আটাইতকৈ কাৰ্যকৰী উপায় হৈছে গণ টিকাকৰণ। আমি সমগ্ৰ দেশতে বিনামূলীয়া টিকাকৰণৰ বাবে মিছন ভেকচিন সুৰক্ষা আৰম্ভ কৰিছো। এই ২.৫ লাখ বিনামূলীয়া ভেকচিন ডোজ প্ৰদানেৰে ৰিলায়েন্স ফাউণ্ডেচনে প্ৰয়োজনৰ সময়ত কেৰালাৰ লোকসকলৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে।"


    উল্লেখ্য, কোভিড-১৯ বিৰোধী যুঁজত ৰিলায়েন্স ফাউণ্ডেচনৰ তৰফৰ পৰা নীতা আম্বানিৰ নেতৃত্বত ৰাষ্ট্ৰক সমৰ্থন কৰাৰ বাবে আগভাগ লৈ অহা দেখা হৈছে। সমগ্ৰ দেশতে কোভিড১৯ প্ৰসংগত এক বহুমুখী কাৰ্য গ্ৰহণ কৰিছে ফাউণ্ডেচনটোৱে। ৰিলায়েন্স ফাউণ্ডেচনে যোৱা বছৰটোত এক লাখ ৰোগীৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে বিনামূলীয়াকৈ চিকিৎসা অক্সিজেন প্ৰদান কৰিছে, দৈনিক ভিত্তিত সমগ্ৰ দেশতে ২০০০ৰো অধিক কোভিড-কেয়াৰ বিছনা আৰু সুবিধা প্ৰদান কৰিছে।


    আনহাতে মহামাৰীৰ দ্বাৰা ক্ষতিগ্ৰস্ত দুৰ্বল সম্প্ৰদায়ৰ ৭.৫ কোটিৰো অধিক লোকক আহাৰ প্ৰদান কৰিছে আৰু সুৰক্ষাৰ বাবে এক কোটিৰো অধিক মাস্ক প্ৰদান কৰিছে। মিছন ভেকচিন সুৰক্ষাৰ অংশ হিচাপে সমগ্ৰ ৰিলায়েন্সৰ কৰ্মচাৰী, পৰিয়ালৰ সদস্য আৰু ডিপেনডেণ্টসকলৰ বাবে ১০ লাখৰো অধিক কোভিড-১৯ ভেকচিন ডোজ প্ৰদান কৰিছে।

    Published by:Gautam Barman
    First published: