• Home
  • »
  • News
  • »
  • nation
  • »
  • ৰিলায়েঞ্চ ফাউণ্ডেচন, বিএমচিয়ে মুম্বাইৰ দৰিদ্ৰ লোকক ৩ লাখ কোভিড-১৯ ভেকচিনৰ পালি প্ৰদান কৰিব

ৰিলায়েঞ্চ ফাউণ্ডেচন, বিএমচিয়ে মুম্বাইৰ দৰিদ্ৰ লোকক ৩ লাখ কোভিড-১৯ ভেকচিনৰ পালি প্ৰদান কৰিব

শেহতীয়া টিকাকৰণ অভিযানটো ৰিলায়েঞ্চ ফাউণ্ডেচন Reliance Foundation)ৰ 'মিছন ভেকচিন সুৰক্ষা' (MVS) উদ্যোগৰ অংশ হ'ব।

শেহতীয়া টিকাকৰণ অভিযানটো ৰিলায়েঞ্চ ফাউণ্ডেচন Reliance Foundation)ৰ 'মিছন ভেকচিন সুৰক্ষা' (MVS) উদ্যোগৰ অংশ হ'ব।

শেহতীয়া টিকাকৰণ অভিযানটো ৰিলায়েঞ্চ ফাউণ্ডেচন Reliance Foundation)ৰ 'মিছন ভেকচিন সুৰক্ষা' (MVS) উদ্যোগৰ অংশ হ'ব।

  • Share this:

ৰিলায়েঞ্চ ফাউণ্ডেচন আৰু বৃহান মুম্বাই পৌৰ নিগমে (BMC) মুম্বাইৰ ৫০টা বস্তিৰ দৰিদ্ৰ লোকক ৩,০০,০০০ কোভিড-১৯ ভেকচিন টিকা প্ৰদান কৰিব। এই বিষয়ে জানিবলৈ দি সোমবাৰে এগৰাকীয়ে বিষয়াই জনোৱা মতে, ধাৰাৱী, ৱৰ্লি, কোলাবা, ৱাডালা, প্ৰতীক্ষানগৰ, কামাথিপুৰা, মনখুৰ্দ, চেম্বুৰ, গোৱন্দি আৰু ভাণ্ডুপৰ দৰে পিছপৰা অঞ্চলত ছাৰ এইচ এন ৰিলায়েঞ্চ ফাউণ্ডেচন হাস্পতালৰ (HNRFH) জৰিয়তে ৩ মাহৰ দীঘলীয়া এটা অভিযান পৰিচালনা কৰা হ'ব।


এইচ এন আৰ এফ এইচে (Sir H.N. Reliance Foundation Hospital) এই স্থানবোৰত টিকাকৰণৰ বাবে এখন অত্যাধুনিক বাহন মোতায়েন কৰিছে আৰু বি এম চিৰ সৈতে টিকাকৰণৰ বাবে সাজু হৈছে।


ভ্ৰাম্যমাণ ভান আৰু চিকিৎসা গোটৰ জৰিয়তে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকৰ প্ৰাথমিক আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে এয়া এইচএনআৰএফএইচৰ নিয়মীয়া স্বাস্থ্য প্ৰসাৰৰ পদক্ষেপৰ পৰিপূৰক হ'ব বুলি প্ৰকাশ কৰা হৈছে।


শেহতীয়া টিকাকৰণ অভিযানটো ৰিলায়েঞ্চ ফাউণ্ডেচন Reliance Foundation)ৰ 'মিছন ভেকচিন সুৰক্ষা' (MVS) উদ্যোগৰ অংশ হ'ব। ইয়াৰ দ্বাৰা অহা কেইমাহমানৰ ভিতৰত সমগ্ৰ দেশৰ দৰিদ্ৰ সম্প্ৰদায়সমূহৰ বাবে টিকা প্ৰদানৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব।


এই সম্পৰ্কত ৰিলায়েঞ্চ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ নীতা আম্বানি (Nita M. Ambani)–এ কয়– "প্ৰতিজন ভাৰতীয়ই যিমান সম্ভৱ সোনকালে আৰু দক্ষতাৰে টিকাকৰণৰ সুবিধা পোৱাটো নিশ্চিত কৰিবলৈ আমি যিমান পাৰি সকলো কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি একেলগে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ৰ ঊৰ্ধ্বত উঠিম আৰু ভাল সময় পুনৰ আমাৰ ওচৰলৈ আহিব।"

উল্লেখ্য, বিগত ১৬ মাহত ৰিলায়েঞ্চ ফাউণ্ডেচনে সমগ্ৰ ভাৰতত কোভিডক লৈ বহুকেইটা প্ৰচেষ্টা আৰম্ভ কৰিছে, যাৰ ভিতৰত আছে কোভিড পৰীক্ষা, অক্সিজেন যোগান ধৰা, ১ কোটি মাস্ক, ৭.৫০ কোটি বিনামূলীয়া আহাৰ, ২০০০তকৈ অধিক কোভিড বিচনা, সজাগতা অভিযান ইত্যাদি।


আনহাতে মিছন ভেকচিন সুৰক্ষাৰ (MVS)ৰ অধীনত ৰিলায়েন্স গ্ৰুপৰ কৰ্মচাৰী, পৰিয়ালৰ সদস্য আৰু নিৰ্ভৰশীলসকলক (dependents) এক নিযুতৰো অধিক কোভিড-১৯ ভেকচিনৰ ডোজ প্ৰদান কৰা হৈছে।

Published by:Gautam Barman
First published: