ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ প্ৰতিষ্ঠাপক-অধ্যক্ষ ধীৰুভাই আম্বানীৰ আজি ৯০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৰিলায়েন্স ফাউণ্ডেচনে ভাৰতত উচ্চ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীক অহা ১০ বছৰত ৫০ হাজাৰ বৃত্তি প্ৰদান কৰি যুৱ প্ৰজন্মৰ প্ৰতি নিজৰ দায়বদ্ধতা যথেষ্ট শক্তিশালী কৰিব বুলি ঘোষণা কৰে।
উল্লেখযোগ্য যে, ২০২২-২৩ শিক্ষাবৰ্ষৰ বাবে ৰিলায়েন্স ফাউণ্ডেচনে ৫ হাজাৰ টকা পৰ্যন্ত মেৰিট-কম-মিনছ স্নাতক বৃত্তি ২ লাখ টকালৈকে আৰু ১০০ টা মেধাভিত্তিক স্নাতকোত্তৰ বৃত্তিত ৬ লাখ টকালৈকে প্ৰদান কৰিব। ২০২৩ চনৰ ১৪ ফেব্ৰুৱাৰীলৈকে আবেদন খোলা আছে।
"মোৰ শহুৰ শ্ৰী ধীৰুভাই আম্বানী আমাৰ যুৱক-যুৱতীসকলৰ শক্তি আৰু সম্ভাৱনাৰ ওপৰত গভীৰ বিশ্বাসী আছিল। তেওঁৰ ৯০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে আমি ৰিলায়েন্স ফাউণ্ডেচনৰ স্নাতক আৰু স্নাতকোত্তৰ বৃত্তিৰ জৰিয়তে, অহা ১০ বছৰত, ৫০,০০০ বৃত্তিৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি ঘোষণা কৰি আনন্দিত হৈছো। মুকেশ আৰু মই বিশ্বাস কৰো যে সঠিক সমৰ্থনৰ দ্বাৰা এই প্ৰজন্মই ভাৰতৰ বৃদ্ধিৰ কাহিনীৰ আটাইতকৈ গৌৰৱময় পৰৱৰ্তী অধ্যায়ৰ চিত্ৰনাট্য, জ্ঞান, উদ্ভাৱন আৰু নেতৃত্বৰ জৰিয়তে।’- এই মন্তব্য ৰিলায়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক - অধ্যক্ষ শ্ৰীমতী নীতা আম্বানীৰ।
ভাৰতৰ জনসংখ্যাৰ আধা বা ৬০ কোটিতকৈ অধিক ভাৰতীয়ৰ বয়স ২৫ বছৰৰ তলৰ। ভাৰতত যুৱক-যুৱতীসকলৰ উচ্চ শিক্ষাৰ সুবিধা শক্তিশালী কৰাৰ বাবে ৰিলায়েন্স ফাউণ্ডেচন প্ৰতিশ্ৰুতিবদ্ধ। এই বছৰ ৰিলায়েন্স ফাউণ্ডেচনৰ স্নাতক বৃত্তিৰ লক্ষ্য হৈছে স্নাতক কলেজ শিক্ষাৰ বাবে মেৰিট-কম-মিনছ মাপকাঠীৰ ভিত্তিত ৫,০০০ পৰ্যন্ত মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক সহায় কৰা, যাৰ ফলত তেওঁলোকক আৰ্থিক বোজা নোহোৱাকৈ অধ্যয়ন অব্যাহত ৰাখিবলৈ শক্তিশালী কৰা হয়। এই বৃত্তিৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক সফল পেছাদাৰী হ’বলৈ আৰু তেওঁলোকৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম কৰা, নিজকে আৰু নিজৰ সম্প্ৰদায়ক উন্নীত কৰাৰ সম্ভাৱনা মুকলি কৰা আৰু ভাৰতৰ ভৱিষ্যতৰ আৰ্থ-সামাজিক বিকাশৰ দিশত অৰিহণা যোগোৱা।
বৃত্তি অনুদানৰ উপৰিও ৰিলায়েন্স ফাউণ্ডেচনৰ স্নাতক বৃত্তিসমূহে এক সজীৱ প্ৰাক্তন ছাত্ৰ নেটৱৰ্ক আৰু এক সক্ষমকাৰী সমৰ্থন ব্যৱস্থাৰ অংশ হোৱাৰ সুযোগ প্ৰদান কৰিব। ১৫ লাখ টকাৰ তলৰ বাৰ্ষিক আয় থকা ছাত্ৰ-ছাত্ৰীয়ে স্নাতক অধ্যয়নৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰি আবেদন কৰিব পাৰিব। এই কাৰ্যসূচীৰ লক্ষ্য হ’ব ছোৱালী আৰু বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ আবেদনক উৎসাহিত কৰা।
ৰিলায়েন্স ফাউণ্ডেচনৰ স্নাতকোত্তৰ বৃত্তিৰ লক্ষ্য হৈছে ভাৰতৰ ১০০ জনলৈকে প্ৰতিভাৱান স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীক সক্ষম আৰু আগুৱাই নিয়া যিসকলে ডাঙৰ চিন্তা কৰিব পাৰে, সেউজীয়া চিন্তা কৰিব পাৰে, সমাজৰ সুবিধাৰ বাবে ডিজিটেল চিন্তা কৰিব পাৰে, প্ৰতি বছৰে উৎকৃষ্টতাৰ এটা দল সৃষ্টি কৰিব পাৰে। এই মেধাভিত্তিক বৃত্তিটো সকলোৰে বাবে আবেদন কৰিবলৈ মুকলি আৰু ইয়াৰ লক্ষ্য হৈছে কাইলৈৰ ভৱিষ্যত নেতাসকলক চিনাক্ত আৰু লালন-পালন কৰা আৰু আগশাৰীৰ বিশেষজ্ঞৰ সৈতে সাক্ষাৎকাৰকে ধৰি কঠোৰ বাছনি প্ৰক্ৰিয়াৰ পিছত এই বৃত্তি প্ৰদান কৰা হ’ব। কম্পিউটাৰ বিজ্ঞান, কৃত্ৰিম বুদ্ধিমত্তা, গণিত আৰু কম্পিউটিং, বৈদ্যুতিক আৰু/বা ইলেক্ট্ৰনিক্স অভিযান্ত্ৰিক, ৰাসায়নিক অভিযান্ত্ৰিক, যান্ত্ৰিক অভিযান্ত্ৰিক, নবীকৰণযোগ্য আৰু নতুন শক্তি, বস্তু বিজ্ঞান আৰু অভিযান্ত্ৰিক আৰু জীৱন বিজ্ঞানৰ ক্ষেত্ৰত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক যোগ্যতাৰ ভিত্তিত নিৰ্বাচিত কৰা হ’ব। স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। উদাৰ অনুদান প্ৰদানৰ উপৰিও ৰিলায়েন্স ফাউণ্ডেশ্যনৰ স্নাতকোত্তৰ বৃত্তিসমূহে বিশেষজ্ঞৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ, উদ্যোগৰ পৰিচয় আৰু স্বেচ্ছাসেৱীৰ সুযোগৰে গঠিত এক সামগ্ৰিক উন্নয়ন কাৰ্যসূচী প্ৰদান কৰিব।
১৯৯৬ চনত আৰম্ভ হোৱা ধীৰুভাই আম্বানী বৃত্তি আৰু ২০২০ চনত আৰম্ভ হোৱা ৰিলায়েন্স ফাউণ্ডেশ্যন বৃত্তিসমূহে প্ৰিমিয়াৰ ইনষ্টিটিউটৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰাত সহায় কৰি সমগ্ৰ ভাৰতৰ ১৩,০০০ যুৱক-যুৱতীৰ জীৱনত প্ৰভাৱ পেলাইছে আৰু তেওঁলোকৰ সম্প্ৰদায়ত আৰু ভাৰত আৰু বিদেশৰ সুনামধন্য সংস্থাসমূহত নেতৃত্বৰ পদবী গ্ৰহণ কৰাত সহায় কৰিছে। ৰিলায়েন্স ফাউণ্ডেচন বৃত্তিই অতি প্ৰতিভাৱান স্নাতক আৰু স্নাকোত্তৰৰ ছাত্ৰ-ছাত্ৰীসকলক সামাজিক মংগলৰ বাবে উদ্ভাৱন কৰিবলৈ সক্ষম কৰিবলৈ সামগ্ৰিকভাৱে লালন-পালন কৰিছে। এই প্ৰচেষ্টাসমূহৰ জৰিয়তে ৰিলায়েন্স ফাউণ্ডেশ্যন বৃত্তিৰ লক্ষ্য হৈছে ভাৰতৰ যুৱক-যুৱতীসকলৰ শৈক্ষিক উৎকৰ্ষতাৰ দিশত প্ৰেৰণা শক্তিশালী কৰা আৰু তেওঁলোকৰ পেছাদাৰী বৃদ্ধিত সহায় কৰা।
ৰিলায়েন্স ফাউণ্ডেচনৰ বৃত্তিৰ বিষয়ে অধিক জানিবলৈ আৰু আবেদন কৰিবলৈ, চাওক
https://www.scholarships.reliancefoundation.org/Published by: Subham Goswami
FIRST PUBLISHED : December 28, 2022, 23:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।