কোৰোণাৰ সংকটৰ মাজতে ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, আলোক ইণ্ডাষ্ট্রীজক ৰূপান্তৰ কৰিলে পিপিই কিট প্ৰস্তুতকাৰী প্ৰতিষ্ঠানলৈ

News18 Assam | News18-Assam
Updated:May 31, 2020, 2:05 PM IST
কোৰোণাৰ সংকটৰ মাজতে ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, আলোক ইণ্ডাষ্ট্রীজক ৰূপান্তৰ কৰিলে পিপিই কিট প্ৰস্তুতকাৰী প্ৰতিষ্ঠানলৈ
ৰিলায়েঞ্চৰ এই উচ্চমানযুক্ত আৰু আমদানিকৃত দামতকৈ কম দামত উপলব্ধ এই পিপিই কিটে কোভিড–১৯ৰ যুঁজখনত ভাৰতক বহু পৰিমাণে সকাহ দিব বুলি আশা কৰা হৈছে।

ৰিলায়েঞ্চৰ এই উচ্চমানযুক্ত আৰু আমদানিকৃত দামতকৈ কম দামত উপলব্ধ এই পিপিই কিটে কোভিড–১৯ৰ যুঁজখনত ভাৰতক বহু পৰিমাণে সকাহ দিব বুলি আশা কৰা হৈছে।

  • Share this:
দেশত কোৰোণা ভাইৰাছৰ বিভীষিকাৰ সময়তে এক গুৰুত্ব পদক্ষেপ গ্ৰহণ কৰিছে ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজে। ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজে নিজৰ নতুন বস্ত্ৰ আৰু পৰিধান সামগ্ৰী নিৰ্মাণ প্ৰতিষ্ঠান আলোক ইণ্ডাষ্ট্রীজক পিপিই কিট নিৰ্মাতা হিচাপে ৰূপান্তৰ কৰিছে। ইয়াৰ দ্বাৰা চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ দামৰ এক তৃতীয়াংশত কোভিড–১৯ৰ সুৰক্ষা সামগ্ৰীৰ উৎপাদন হ’ব।

কোভিড–১৯ মহামাৰীৰ সৈতে যুঁজিবলৈ চিকিৎসক, নাৰ্ছ, চিকিৎসা কৰ্মী আৰু আন ফ্ৰণ্টলাইন শ্ৰমিকৰ সুৰক্ষাৰ বাবে বিশেষভাৱে পিপিই কিটৰ নিৰ্মাণৰ বাবে ছিলভাসা, গুজৰাটত আলোক ইণ্ডাষ্ট্রীজৰ উৎপাদনৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হৈছে।

আলোক ইণ্ডাষ্ট্রীজত প্ৰতিদিনে ১ লাখতকৈ অধিক পিপিই কিট উৎপাদন কৰিবলৈ ক্ষমতা বৃদ্ধি কৰা হৈছে আৰু প্ৰায় ২০০০ টকা আমদানি মূল্যতকৈ প্ৰতিটো ইউনিটত ৬৫০ টকালৈ হ্ৰাস কৰা হৈছে। ভৱিষ্যতে পিপিই কিট ৰপ্তানিৰ বাবেও এই সুবিধা ব্যৱহাৰ কৰা হ’ব পাৰে।

এপ্ৰিলৰ মাজভাগত উৎপাদন আৰম্ভ হৈছিল আৰু এতিয়া ভাৰতৰ দৈনিক পিপিই কিট উৎপাদন ক্ষমতাৰ এক পঞ্চমাংশৰ ওচৰা–ওচৰি হৈছেগৈ উৎপাদন ক্ষমতা। আন পিপিই কিট নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহৰ ভিতৰত আছে জেচিটি ভাগোৱাৰা, গোকল দাস এক্সপ’ৰ্টছ আৰু আদিত্য বিৰলা।

ভাৰতে কোৰোণা ভাইৰাছৰ সংকটৰ পিছত নিৰ্মাণ আৰম্ভ হোৱালৈ অধিকাংশ পিপিই কিট আমদানি কৰিছিল। ৰিলায়েঞ্চৰ এই উচ্চমানযুক্ত আৰু আমদানিকৃত দামতকৈ কম দামত উপলব্ধ এই পিপিই কিটে কোভিড–১৯ৰ যুঁজখনত ভাৰতক বহু পৰিমাণে সকাহ দিব বুলি আশা কৰা হৈছে।

এই পিপিই কিট প্ৰস্তুতকৰণত হাই গ্ৰেড পলিপ্ৰপাইলিন কেঁচা মাল ব্যৱহাৰ কৰা হয় যাৰ দ্বাৰা ইয়াৰ ওজন অত্যন্ত কম হয়। পিপিই কিটৰ সৈতে থাকে কভাৰেল, গ্ল’ভছ, শ্বু ক’ভাৰ, থ্ৰী–প্লাই বা N95 মাস্ক, হেড গিয়েৰ আরু ফেচ শ্বীল্ড।

ৰক্ত আৰু বায়ুজনিত উচ্চ সংক্ৰমণ ৰোধৰ বাবে এই কিটত ফেচ প্ৰটেকচন, চশমা আৰু মাস্ক বা ফেচ শ্বীল্ড, গ্ল’ভছ, গাউন বা কভাৰেল, হেড কভাৰ আৰু ৰবৰৰ জোতা থাকিব।
First published: May 31, 2020, 2:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি