• Home
  • »
  • News
  • »
  • nation
  • »
  • ''লণ্ডনত বাস কৰিব মুকেশ আম্বানি আৰু তেওঁৰ পৰিয়াল!'' বাতৰিক লৈ ৰিলায়েন্সৰ স্পষ্টীকৰণ

''লণ্ডনত বাস কৰিব মুকেশ আম্বানি আৰু তেওঁৰ পৰিয়াল!'' বাতৰিক লৈ ৰিলায়েন্সৰ স্পষ্টীকৰণ

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে স্পষ্ট কৰি দিছে যে লণ্ডনৰ ষ্টোক পাৰ্ক কেৱল প্ৰিমিয়াৰ গল্ফ আৰু ক্ৰীড়া স্থানৰ বাবে ব্যৱহাৰ কৰা হ'ব।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে স্পষ্ট কৰি দিছে যে লণ্ডনৰ ষ্টোক পাৰ্ক কেৱল প্ৰিমিয়াৰ গল্ফ আৰু ক্ৰীড়া স্থানৰ বাবে ব্যৱহাৰ কৰা হ'ব।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে স্পষ্ট কৰি দিছে যে লণ্ডনৰ ষ্টোক পাৰ্ক কেৱল প্ৰিমিয়াৰ গল্ফ আৰু ক্ৰীড়া স্থানৰ বাবে ব্যৱহাৰ কৰা হ'ব।

  • Share this:

উদ্যোগপতি আম্বানিৰ (Mukesh Ambani) পৰিয়ালে ভাৰত ত্যাগ কৰি লণ্ডনত বাস কৰিবলৈ সাজু হৈছে বুলি শেহতীয়াকৈ এটা খবৰ ওলাইছে। এই সন্দৰ্ভত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে (Reliance Industries Limited) এই বাতৰি সম্পূৰ্ণৰূপে ভুৱা বুলি প্ৰতিবেদন দিছে। আম্বানিৰ পৰিয়ালৰ লণ্ডনৰ ষ্টোক পাৰ্ক ইষ্টেটত বাস কৰাৰ কোনো পৰিকল্পনা নাই বুলি জানিবলৈ দিয়ে।






উল্লেখ্য, এখন বাতৰি কাকতত প্ৰকাশ পাইছিল যে ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানিয়ে তেওঁৰ পৰিয়ালৰ সৈতে লণ্ডনত নতুনকৈ থাকিবলৈ গৈ আছে। এই সন্দৰ্ভত ৰিলায়েন্সে পোনপটীয়াকৈ জনাইছে যে আম্বানিৰ পৰিয়ালে পৃথিৱীৰ কোনো ঠাইলৈ স্থানান্তৰিত নহয়, তেওঁলোক নিজৰ দেশতে থাকিব। ভুৱা বাতৰিটোত প্ৰকাশ কৰা হৈছিল যে আম্বানীয়ে ৩০০ একৰ মাটিৰ লণ্ডনৰ বাকিংহামশায়াৰৰ স্টোক পাৰ্কত বাস কৰাৰ পৰিকল্পনা কৰিছে। ৰিলায়েন্সে পোনপটীয়াকৈ জনাইছে যে আম্বানি পৰিয়ালৰ তেনে কোনো পৰিকল্পনা নাই।


বাতৰিত প্ৰকাশ কৰা মতে, লণ্ডনৰ বাকিংহামশায়াৰত ৩০০ একৰত থকা 'ষ্টোক পাৰ্ক' আম্বানিৰ দ্বিতীয় ঘৰ হ'ব আৰু আম্বানিয়ে এইবাৰ দেৱালী এই নতুন ঘৰত উদযাপন কৰিবলৈ গৈছে। এই কাহিনীৰ ওপৰত আধাৰ কৰি ছ'চিয়েল মিডিয়াত বহুতো উৰাবাতৰি ওলায়। আম্বানিৰ পৰিয়ালটো বৰ্তমান মুম্বাইৰ আটাইতকৈ ব্যয়বহুল এলেকাত নিৰ্মিত 'এণ্টিলিয়া'ত বাস কৰে। তেওঁলোক তাতেই থাকিব। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে স্পষ্ট কৰি দিছে যে লণ্ডনৰ ষ্টোক পাৰ্ক কেৱল প্ৰিমিয়াৰ গল্ফ আৰু ক্ৰীড়া স্থানৰ বাবে ব্যৱহাৰ কৰা হ'ব।

Published by:Gautam Barman
First published: