মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»ই–ফাৰ্মেচি সংস্থা Netmeds ক্ৰয় কৰিলে ৰিলায়েন্সে, আমাজনক তীব্ৰ প্ৰত্যাহ্বান!

ই–ফাৰ্মেচি সংস্থা Netmeds ক্ৰয় কৰিলে ৰিলায়েন্সে, আমাজনক তীব্ৰ প্ৰত্যাহ্বান!

News18 Assam | News18-Assam
Updated:August 19, 2020, 9:55 AM IST
ই–ফাৰ্মেচি সংস্থা Netmeds ক্ৰয় কৰিলে ৰিলায়েন্সে, আমাজনক তীব্ৰ প্ৰত্যাহ্বান!
Netmeds-ৰ মুঠ ভেল্যু প্ৰায় ১হাজাৰ কোটি টকা। 

Netmeds-ৰ মুঠ ভেল্যু প্ৰায় ১হাজাৰ কোটি টকা। 

  • Share this:
মুম্বাইঃ অনলাইন ফাৰ্মাচী Netmeds ক্ৰয় কৰিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে৷ কোম্পানীৰ তৰফৰ পৰা জনোৱা মতে ৬২০ কোটি টকাত Netmeds-ৰ ৬০ শতাংশ শ্বেয়াৰ অধিগ্রহণ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে৷ ইয়াৰ লগে লগে ই-কমাৰ্চ সংস্থা আমাজনক কঠোৰ প্রতিযোগিতাৰ মুখলৈ ঠেলি দিলে ৰিলায়েন্সে৷ Netmeds-ৰ মুঠ ভেলু প্রায় ১ হাজাৰ কোটি টকা৷

এই অধিগ্রহণৰ ফলত ৰিলায়েন্স ৰিটেলে সম্পূৰ্ণৰূপত ই-কমাৰ্চ ব্যবসায়ত প্রৱেশ কৰিলে৷ ইতিমধ্যে ৰিলায়েন্সৰ অনলাইন গ্রচাৰী (মুদি) প্লেটফ’ৰ্ম JioMart–এ ৰমৰমীয়া ব্যৱসায় কৰিছে। Netmeds-ৰ কর্ণধাৰ হৈছে প্রদীপ ডাধা৷ মূলত পার্চনেল তথা বেবী কেয়াৰ আইটেম, চিকিৎসক তথা  ডায়গনস্টিক বুকিং কৰিব পাৰি Netmeds-ৰ ৱেবচইট তথা এপত। উল্লেখ্য যে, ফাণ্ড যোগাৰ কৰিব নোৱাৰি প্ৰায় এবছৰ ধৰি ক্ৰেতা বিচাৰি আছিল Netmeds–এ৷

Netmeds-ত ইতিমধ্যেই বিনিয়োগ আছে চিংগাপুৰৰ কোম্পানী Daun Penh Cambodia গোষ্ঠী, চিষ্টেমা এচিয়া ফাণ্ড, টেনকম ইনভেষ্ট তথা অর্বিমেড (OrbiMed)-ৰ৷ ৰিলায়েন্স ৰিটেল ভেঞ্চার্চ-ৰ ডাইৰেক্টৰ ইশা আম্বানিয়ে এক বিবৃতিত জনাইছে, Netmeds-ৰ সংযুক্তিকৰণৰ ফলত ৰিলায়েন্স ৰিটেলে উন্নত মানৰ তথা সাধ্যৰ ভিতৰত স্বাস্থ্য সংক্রান্তীয় পণ্য পৰিসেৱা আগবঢ়াব পাৰিব। একে লগতে ডিজিটেল কমার্চ ক্ষেত্রতো সংস্থাৰ পৰিধি আৰু বৃদ্ধি পালে৷

একাধিক ষ্টাৰ্টআপে বিগত কেবাবছৰো ধৰি ই–ফাৰ্মাচী জগতত ব্যৱসায় কৰি আছে। ইয়াৰ মাজত আছে Netmeds,PharmEasy,মেডলাইফ, 1mg ইত্যাদি৷ যদিও ঔষধ ডেলিভাৰীৰ ক্ষেত্ৰত লাভৰ অংশ খুব কম বজাৰত এক নম্বৰ ন’হলে আর্থিক ক্ষতিৰ মাজেৰে চলি থকা ষ্টাৰ্টআপত কোনে বা বিনিয়োগ কৰিব। কিন্তু কোৰোণা অতিমাৰীৰ কাৰণে এই ই-ফার্মাচি সংস্থাসমূহ পুনৰ ঘুৰি আহিছে। বেছিভাগ মানুহেই এতিয়া অনলাইনত ঔষধ বা স্বাস্থ্য সামগ্রী অর্ডাৰ কৰিবলৈ লৈছে। বিগত ৩ মাহত এই সংস্থাসমূহৰ অর্ডাৰৰ পৰিমাণ ৫০ শতাংশ বৃদ্ধি পাইছে৷

ৰিলায়েন্স-Netmeds চুক্তিৰ সৈতে জৰিতসকলে জনোৱা মতে, অনলাইন ফাৰ্মাচি চেক্টৰত প্ৰৱেশ কথা বহু আগতেই পৰিকল্পনা কৰিছিল ৰিলায়েন্সে। কোৰোণা অতিমাৰী আৰম্ভ হোৱাৰ আগতেই।

বিগত সপ্তাহত ই-ফার্মাচি পৰিসেৱাত প্রৱেশ কৰিছিল আমাজন ইণ্ডিয়া৷ বৰ্তমান বেঙ্গালুৰুত ইয়াত সেৱা চলি আছে। খুব শীঘ্রেই সমগ্ৰ দেশত সেৱা আৰম্ভ কৰিব৷ ভাৰতৰ ই-কমার্চ ব্যৱসায় ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে প্ৰৱেশ কৰিবলৈ আৰু কেবাটাও ষ্টাৰ্ট আপ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে জিঅ’ই। কথা চলিআছে আর্বান লেডাৰ, অনলাইন লঞ্জাৰি ৰিটেল Zivame তথা অনলাইন দুগ্ধ ডেলিভাৰী সংস্থা মিল্কবাস্কেটৰ সৈতেও।
First published: August 19, 2020, 9:42 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি