ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ ৪৩সংখ্যক বাৰ্ষিক সাধাৰণ সভা। প্ৰথমবাৰলৈ কোৰোণা ভাইৰাছৰ বাবে ভাৰ্চুৱেল বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈছে। শ্বেয়াৰ হ’ল্ডাৰসকলক সম্বোধন কৰি ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে কয় যে ৰিলায়েঞ্চ হৈছে প্ৰথম ভাৰতীয় কোম্পানী যাৰ মাৰ্কেট কেপিটেল ১৫০ বিলিয়ন ডলাৰ।
ভাৰতৰ প্ৰথম ক্লাউড–বেছড ভিডিঅ’ কনফাৰেন্সিং এপ হৈছে JioMeet, যিটো বৰ্তমানলৈ ৫ মিলিয়নৰো অধিক গ্ৰাহকে ডাউনলোড কৰিছে। আম্বানীয়ে কয় – সংগঠিত খুচুৰা আৰু ডিজিটেল সেৱাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে আমাৰ ডিজিটেল পৰিসেৱাৰ ব্যৱসায় বিগত বছৰৰ তুলনাত ১০ শতাংশ বৃদ্ধি পাইছে।
মুকেশ আম্বানীয়ে কয় – ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজে ইণ্টেল কেপিটেল আৰু কোৱালকম ভেনচাৰ্ছৰ লগতে জিঅ’ প্লেটফৰ্মৰ প্ৰধান অংশীদাৰ হিচাপে ফেচবুকক স্বাগতম জনাইছে। জিঅ’ প্লেটফৰ্মত ৭.৭ শতাংশ অংশীদাৰিত্বৰ বাবে ষ্ট্রেটেজিক পাৰ্টনাৰ হিচাপে গুগলে ৩৩,৭৩৭ কোটি টকা বিনিয়োগ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|