অইল টু কেমিকেল ব্যৱসায়ৰ বাবে ৰিলায়েন্সে বনাব নতুন কোম্পানী, ঘোষণা ৰিলায়েন্স ইণ্ড্ৰাষ্টীজৰ ...

২০২২ বৰ্ষৰ প্ৰথমতেই O2C ব্যৱসায় সম্পৰ্কীয় পুনঃগঠনৰ বাবে বিভিন্ন অনুমোদন লাভ কৰিব বুলি আশাবাদী আৰ আই এল।
২০২২ বৰ্ষৰ প্ৰথমতেই O2C ব্যৱসায় সম্পৰ্কীয় পুনঃগঠনৰ বাবে বিভিন্ন অনুমোদন লাভ কৰিব বুলি আশাবাদী আৰ আই এল।
- News18 Assam
- Last Updated: February 23, 2021, 1:51 PM IST
এক বিবৃতিযোগে আৰ আই এলে জনায় যে, এই নতন কোম্পানীৰ পুনঃগঠনৰ পাচত প্ৰৱৰ্তক কোম্পানীটোৱে O2C ব্যৱসায়ত ৪৯.১৪ শতাংশ অংশীদাৰীত্ব ধৰি ৰাখিব আৰু এই প্ৰক্ৰিয়াটোৰ ফলত কোম্পানীটোৰ শ্বেয়াৰ হোল্ডিঙত কোনো পৰিৱৰ্তন নহ'ব।
বৰ্তমানৰ O2C অপাৰেটিং দলটোৱে ব্যৱসায় স্থানান্তৰৰ লগে লগে নতুনকৈ সৃষ্টি কৰা সহায়ক কোম্পানীলৈ যাব। কিন্তু উপাৰ্জন অথবা নগদ প্ৰবাহৰ ওপৰত কোনো প্ৰতিবন্ধকতা নাথাকিব। যথাসময়ত নিৰ্দিষ্ট নিয়মৰ মাজেৰে শোধন, বিপণন আৰু পেট্ৰ'কেমিকেল সম্পত্তি O2C সহায়ক সংস্থালৈ স্থানান্তৰ কৰা হ'ব ।
আৰ আই এলে O2C ব্যৱসায়ৰ বাবে ২৫ বিলিয়ন ডলাৰ সূত বহনকৰা ঋণো বৃদ্ধি কৰিছে । O2C ব্যৱসায়ে এবছৰীয়া এছ বি আই এম চি এল আৰ হাৰৰ সৈতে সম্পৰ্কিত ভাসমান হাৰৰ সুত পৰিশোধ কৰিব । কৌশলগত বিনিয়োগকাৰীসকল অহাৰ সময়ত O2C ব্যৱসায়ৰ ঋণ পৰিশোধ কৰা হ'ব ।
আৰআইএলে জনায় যে, ইয়ে ইতিমধ্যে পুনঃগঠনৰ বাবে চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া আৰু ষ্টক এক্সচেঞ্জৰ পৰা অনুমতি লাভ কৰিছে। অৱশ্যে ই এতিয়াও মুম্বাই আৰু আহমেদাবাদৰ ইকুইটি শ্বেয়াৰ হোল্ডাৰ আৰু ঋণদাতা, আয়কৰ কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধীকৰণ (এনচিএলটি) বেঞ্চৰ পৰা অনুমোদন লাভ কৰা নাই | যদিও ৰিলায়েন্সে আশা কৰিছে যে পুনঃগঠনৰ বাবে ২২ বৰ্ষৰ দ্বিতীয় মাহৰ মাজভাগলৈ যাৱতীয় অনুমোদন লাভ কৰিব।
এই পুনঃগঠনৰ পাচত ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰত আৰ আই এলৰ অংশীদাৰীত্ব হ'ব ৮৫.১ শতাংশ আৰু জিঅ' প্লেটফৰ্মত হ'ব ৬৭.৩ শতাংশ । প্ৰস্তাৱিত O2C সহায়ক সংস্থাত ইন্ধন খুচুৰা সহায়ক সংস্থা অন্তৰ্ভূক্ত থাকিব য'ত আৰ আই এলৰ ৫১ শতাংশ অংশীদাৰিত্ব আৰু বাকী ৪৯ শতাংশ বি পি পি এল চিৰ থাকিব ।
লগতে কোম্পানীটোৱে কয়, এই বিকাশে ইয়াৰ একত্ৰিত বিত্তীয় স্থিতি, মূলধনৰ ব্যয়, ঋণ, বিনিয়োগ-গ্ৰেড আন্তৰ্জাতিক আৰু ঘৰুৱা এ এ এ ক্ৰেডিট ৰেটিঙৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰিব ।
ইপিনে মৰ্গান ষ্টেনলীৰ এক প্ৰতিবেদন অনুসৰি, "এই ডিমাৰ্জাৰ অথবা ব্যৱসায় বেলেগ কৰাৰ আঁৰত বহু কাৰণ আছে | এই সিদ্ধান্ত মাধ্যমেৰে কোম্পানীটোৱে নগদীকৰণৰ লগতে নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত এক বিশেষ পৰিবৰ্তন আহিব।"