আজি বৃহস্পতিবাৰে অনুষ্ঠিত ৰিলায়েন্সৰ ৪৪সংখ্যক বাৰ্ষিক সাধাৰণ সভাত কোভিডক লৈ ৰিলায়েন্সৰ মিছনক লৈ উল্লেখ কৰে উদ্যোগপতি মুকেশ আম্বানিয়ে। ৰিলায়েন্স ফাউণ্ডেচনৰ নীতা আম্বানিয়ে কোভিডক লৈ উল্লেখ কৰে– কোভিডবিৰোধী মিছনৰ পঞ্চম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ অভিযান হৈছে 'মিছন ভেকচিন সুৰক্ষা'। বৰ্তমান কোভিডকালীন পৰিস্থিতিত ভাৰতৰ সৰ্বোচ্চ আৰু জৰুৰী অগ্ৰাধিকাৰযোগ্য বিষয় হৈছে গণ টিকাকৰণ। গণ টিকাকৰণে সংকটৰ পৰা মুক্ত হোৱাৰ আটাইতকৈ নিৰ্ভৰযোগ্য উপায়। টিকাকৰণ অভিযান ত্বৰান্বিত কৰাত সহায় কৰিবলৈ আমি ১০৯খন চহৰত ১১৬টা টিকাকৰণ কেন্দ্ৰ স্থাপন কৰিছো। আমি ইতিমধ্যে আমাৰ ৰিলায়েন্স পৰিয়ালকো এই অভিযানৰ অংশীদাৰ কৰিছো। আমি বৰ্তমান ২০ লাখ টিকাকৰণ সম্পন্ন কৰিছোঁ, ইয়াৰ ভিতৰত আছে আমাৰ পৰিয়ালৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, অংশীদাৰ কোম্পানীৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়াল।'
আনহাতে এই সম্পৰ্কত নীতা আম্বানিয়ে উল্লেখ কৰে যে মানৱতাৰ সেৱা কৰাৰ এই সুযোগ এক মহত্ত্বম উপলব্ধি। উল্লেখ্য, ৰিলায়েন্স ফাউণ্ডেচনে কোভিডবিৰোধী যুঁজৰ বাবে ৫টা অভিযান আৰম্ভ কৰিছে মিছন অক্সিজেন, কোভিড কোভিড ইনফ্ৰা, মিছন এমপ্লয়ি কেয়াৰ আৰু মিছন ভেকচিন সুৰক্ষা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|