• Home
  • »
  • News
  • »
  • nation
  • »
  • Reliance AGM 2021: JIO আৰু GOOGLEৰ নতুন স্মাৰ্টফোন- Jiophone Next, ১০ ছেপ্তেম্বৰৰ পৰা বজাৰত হ'ব উপলব্ধ

Reliance AGM 2021: JIO আৰু GOOGLEৰ নতুন স্মাৰ্টফোন- Jiophone Next, ১০ ছেপ্তেম্বৰৰ পৰা বজাৰত হ'ব উপলব্ধ

এই স্মাৰ্টফোন হ'ব বিশ্বৰ ভিতৰতে আটাইতকৈ কম দামৰ স্মাৰ্টফোন। উচ্চ মানৰ কেমেৰা আৰু এণ্ড্ৰইড আপডেট থাকিব।

  • Share this:
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ৪৪ সংখ্যক এনুৱেল জেনেৰেল মিটিঙত অধ্যক্ষ মুকেশ আম্বানীয়ে JIO ফোনৰ সন্দৰ্ভত ডাঙৰ ঘোষণা কৰে। JIO-ই GOOGLEৰ সৈতে মিলি আল্ট্ৰা এফৰ্ডেৱল 4G স্মাৰ্টফোন Jiophone Next মুকলি কৰে।

এণ্ড্ৰইড বেচড এই স্মাৰ্টফোনৰ অপাৰেটিং চিষ্টেম JIO আৰু GOOGLE-এ লগ হৈ নিৰ্মাণ কৰিছে। মুকেশ আম্বানীয়ে জনাই যে, এই স্মাৰ্টফোন সাধাৰণ লোকৰ বাবে অতি এফৰ্ডেৱল প্ৰাইজত উপলব্ধ হ'ব। অহা ১০ ছেপ্তেম্বৰত আহিব বজাৰলৈ।

এই স্মাৰ্টফোন হ'ব বিশ্বৰ ভিতৰতে আটাইতকৈ কম দামৰ স্মাৰ্টফোন। উচ্চ মানৰ কেমেৰা আৰু এণ্ড্ৰইড আপডেট থাকিব।

যোৱা বছৰেই ৰিলায়েন্স জিঅ'ই গুগলৰ সৈতে অংশীদাৰীত্ব ঘোষণা কৰিছিল। গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে নতুন স্মাৰ্টফোনটোৰ বিষয়ে কয় যে, "আমাৰ পৰৱৰ্তী পদক্ষেপ গুগল আৰু জিঅ'ৰ সহযোগত নিৰ্মাণ কৰা এটা নতুন, সুলভ জিঅ' স্মাৰ্টফোনৰ সৈতে আৰম্ভ হয়। এইটো ভাৰতৰ বাবে প্ৰস্তুত কৰা হৈছে। এই স্মাৰ্টফোনে লাখ লাখ নতুন ব্যৱহাৰকাৰীৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিব, যিয়ে প্ৰথমবাৰৰ বাবে ইণ্টাৰনেটৰ অভিজ্ঞতা লাভ কৰি। গুগল ক্লাউড আৰু জিঅ'ৰ মাজত এক নতুন 5জি অংশীদাৰীত্বৰে এক বিলিয়নতকৈও অধিক ভাৰতীয়ক দ্ৰুত ইণ্টাৰনেটৰ সৈতে সংযোগ কৰাত সহায় কৰিব আৰু ভাৰতৰ ডিজিটাইজেচনৰ পৰৱৰ্তী পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰিব।"
Published by:Himangshu Bhuyan
First published: