মুখ্যপৃষ্ঠা »খবৰ »দেশ »কোৰোণাত মৃত্যু হোৱা ৰোগীৰ মৃতদেহ মছজিদলৈ নি ধুৱালে আত্মীয়ই, তাৰ পিছতে লাগিল হুলস্থুল

কোৰোণাত মৃত্যু হোৱা ৰোগীৰ মৃতদেহ মছজিদলৈ নি ধুৱালে আত্মীয়ই, তাৰ পিছতে লাগিল হুলস্থুল

মৃতদেহটো কোৰোণা প্ৰটকল অনুসৰি সম্পূৰ্ণ ব্যৱস্থাৰে গতোৱা হৈছিল। কিন্তু আত্মীয়সকলে মৃতদেহটো মছজিদলৈ লৈ গৈছিল আৰু তাত ধুৱাইছিল।

মৃতদেহটো কোৰোণা প্ৰটকল অনুসৰি সম্পূৰ্ণ ব্যৱস্থাৰে গতোৱা হৈছিল। কিন্তু আত্মীয়সকলে মৃতদেহটো মছজিদলৈ লৈ গৈছিল আৰু তাত ধুৱাইছিল।

মৃতদেহটো কোৰোণা প্ৰটকল অনুসৰি সম্পূৰ্ণ ব্যৱস্থাৰে গতোৱা হৈছিল। কিন্তু আত্মীয়সকলে মৃতদেহটো মছজিদলৈ লৈ গৈছিল আৰু তাত ধুৱাইছিল।

  • Share this:
কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌ (2nd Wave Of Covid-19)ৱে বৰ্তমান দেশত বিধ্বংসী ৰূপ ধাৰণ কৰিছে, কিন্তু জনসাধাৰণ এতিয়াও এই বিষয়ে সতৰ্ক হোৱা দেখা যোৱা নাই। কেৰালাৰ ত্ৰিশূৰ জিলাত (Thrissur) একে ধৰণৰ ঘটনা সংঘটিত হৈছে। দৰাচলতে, এগৰাকী কোৰোণা সংক্ৰমিত (Covid Infected) ব্যক্তিৰ মৃত্যুৰ পিছত, আত্মীয়সকলে অন্ত্যেষ্টিক্ৰিয়া প্ৰক্ৰিয়াৰ অংশ হিচাপে মৃতদেহটো মছজিদলৈ লৈ গৈছিল আৰু ইয়াক ধুৱাইছিল। বাতৰিটোৰ বিষয়ে গম পোৱাৰ লগে লগে প্ৰশাসন এই বিষয়ে তৎপৰ হৈ উঠিছিল। স্বাস্থ্য বিভাগে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি আছে।

মাতৃভূমিৰ এক প্ৰতিবেদন অনুসৰি, চিকিৎসালয় এখনে খাদিজা নামৰ এগৰাকী মৃতকৰ মৃতদেহ আত্মীয়সকলক গতাই দিছিল। মৃতদেহটো কোৰোণা প্ৰটকল অনুসৰি সম্পূৰ্ণ ব্যৱস্থাৰে গতোৱা হৈছিল। কিন্তু আত্মীয়সকলে মৃতদেহটো মছজিদলৈ লৈ গৈছিল আৰু তাত ধুৱাইছিল। স্থানীয় জিলা প্ৰশাসনে আত্মীয়সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। স্বাস্থ্য বিভাগে মৃতদেহটো লৈ যোৱা এম্বুলেন্সখন জব্দ কৰিছে।

কোৰোণাৰ নিৰ্দেশনা অনুসৰি, মৃতকৰ শৰীৰ স্পৰ্শ কৰা, ধোৱা, আলিংগন কৰা নিষিদ্ধ। জনাই দিওঁ যে, এই মুহূৰ্তত কেৰালাত নতুন কোৰোণাৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে। একে ধৰণে, ৰাজ্যৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ কয় যে কেৰালাই আৰু আন ৰাজ্যসমূহক অধিক অক্সিজেন দিব নোৱাৰে। কাৰণ ৰাজ্যখনে ইতিমধ্যে চুবুৰীয়া ৰাজ্যসমূহক ইয়াৰ বাফাৰ ষ্টক প্ৰদান কৰিছে।

উল্লেখযোগ্য যে দেশত বিগত ২৪ ঘণ্টাত ৩ লাখ ১১ হাজাৰ ৩২৫ গৰাকী লোক কোৰোণাত আক্ৰান্ত হৈছে। আনহাতে বিগত ২৪ ঘণ্টাত ৩৫৭৬ গৰাকী লোকৰ মৃত্যু হৈছে। ইয়াৰ লগতে ৩,৩৫,৬৪৫ গৰাকী লোক সুস্থ হৈ উঠিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সোমবাৰে সদৰি কৰা তথ্য অনুসৰি, দেশত এতিয়ালৈ কোভিড–১৯ৰ ভেকচিনৰ ১৭.২৬ কোটি ড’জ প্ৰদান কৰা হৈছে। মন্ত্ৰণালয়ে কয় যে ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ ৫,১৮,৪৭৯ গৰাকী লোকে সোমবাৰে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰে।

শেহতীয়া বাতৰি