হিন্দু বিবাহিত মহিলাই যদি শাখা–সেন্দুৰ পিন্ধিবলৈ অস্বীকাৰ কৰে, তেন্তে ধৰি লোৱা হ’ব যে তেওঁ বৈবাহিক সম্পৰ্কত থাকিব নিবিচাৰে। মহিলাগৰাকীয়ে স্বামীৰ সৈতে যৌথ জীৱন অস্বীকাৰ কৰিছে। এইক্ষেত্ৰত স্বামীয়ে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিব পাৰে। এই মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ বিচাৰপীঠে জনাইছে, এগৰাকী মহিলাই শাখা–সেন্দুৰ পিন্ধিব বিচৰা নাই মানে তেওঁ যে স্বামীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে, সেই পৰিচয় অস্বীকাৰ কৰিব বিচাৰিছে। কাৰণ, হিন্দু বিবাহ আইনত বিয়া কৰোৱাৰ অৰ্থ এই সমস্ত দিশসমূহ স্বীকাৰ কৰিয়েই বৈবাহিক জীৱনত প্ৰৱেশ কৰে।
ইয়াৰ পূৰ্বে অসমৰ ফেমিলী ক’ৰ্টতো এই গোচৰটো উঠিছিল। সেই আবেদনত স্বামীয়ে দাবী কৰিছিল, পত্নীয়ে শাখা আৰু সেন্দুৰ নিপিন্ধে, লগতে আৰু বহু অভিযোগৰ ভিত্তিত বিবাহ বিচ্ছেদ বিচাৰে। কিন্তু সেই গোচৰ ফেমিলী ক’ৰ্টে খাৰিজ কৰিছিল। পিছত বিতংভাৱে ঘটনাটো জনা গ’ল যে সেই লোকজনৰ যৌথ পৰিয়ালৰ সৈতে থাকিবলৈ ন–বোৱাৰীয়ে অস্বীকাৰ কৰিছিল। পত্নীৰ দাবী আছিল বেলেগ হৈ যোৱা। তাক লৈ পৰিয়ালত অশান্তিৰো সৃষ্টি হৈছিল।
তাৰ পিছত ২০১৩ চনত সেই মহিলাগৰাকীয়ে স্বামীৰ ঘৰ এৰি গোচৰ ৰুজু কৰে ৪৯৮ ধাৰাত। তাৰ পিছত স্বামী আৰু পৰিয়ালৰ লোকক মুকলি কৰি দিয়ে আদালতে। ইয়াৰ পিছত পৃথককৈ এক বিচ্ছেদৰ গোচৰ দাখিল কৰা হয়। স্বামীৰ মতে পত্নী নিষ্ঠুৰ। আনহাতে, পত্নীয়ে অভিযোগ কৰিছিল, স্বামী পৰিয়ালে তেওঁক অত্যাচাৰ কৰে। অৱশ্যে সেই অভিযোগ খাৰিজ কৰে আদালতে।
উল্লেখযোগ্য যে, আদালতৰ এই ৰায়ত সেন্দুৰ আৰু শাখা নিপিন্ধাক এক বিশেষ পইণ্ট হিচাপে লোৱা হৈছে আৰু কোৰ্টৰ এই অবজার্ভেচন এই ৰায়দানৰ একমাত্ৰ কাৰণ নহয়। পত্নীগৰাকীয়ে ডিব্ৰুগড়ৰ জিলা ন্যায়াধীশৰ সন্মুখত স্পষ্টভাৱে কৈছিল যে তেওঁ শাখা–সেন্দুৰ নিপিন্ধে কাৰণ তেওঁ এতিয়া আবেদনকাৰী স্বামীক নিজৰ স্বামী হিচাপে মানি নলয়। ইয়াৰ উপৰি আন কাৰণো সংলগ্ন যেনে, স্বামীক বেলেগে থাকিবলৈ বাধ্য কৰোৱা, যৌথ পৰিয়াল আৰু স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে মিছা আৰু অৱজ্ঞাপূৰ্ণ গোচৰ দাখিল কৰি মুকলি হোৱা, পত্নীৰ এই সমস্ত কাম–কাজে স্বামীৰ প্ৰতি নিষ্ঠুৰতাৰ পৰিচয় দিয়াৰ কথা কোৱা হৈছে সেয়েহে বিবাহ বিচ্ছেদৰ অনুমতি দিছিল হাই ক’ৰ্টে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 29, 2020, 21:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।