২৪ ঘণ্টাত ভাৰতত ১৫৭জনৰ মৃত্যু, ৫ হাজাৰতকৈ অধিক লোক নতুনকৈ সংক্ৰমিত কোৰোণাত

News18 Assam | News18-Assam
Updated:May 18, 2020, 10:23 AM IST
২৪ ঘণ্টাত ভাৰতত ১৫৭জনৰ মৃত্যু, ৫ হাজাৰতকৈ অধিক লোক নতুনকৈ সংক্ৰমিত কোৰোণাত
ভাৰতত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই ৩ হাজাৰ অতিক্ৰম কৰিছে।

ভাৰতত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই ৩ হাজাৰ অতিক্ৰম কৰিছে।

  • Share this:
ভাৰতত বিভীষিকাৰ ৰূপ লৈছে মাৰাত্মক কোৰোণা ভাইৰাছে। বিগত ২৪ ঘণ্টাত ৫ হাজাৰৰো অধিক নতুন ঘটনা পোহৰলৈ অহাৰ লগতে ১৫৭জন লোকৰ মৃত্যু হৈছে। এতিয়ালৈ এই সংখ্যা এক অভিলেখ। ইয়াৰ পূৰ্বে শনিবাৰে ৪৯৮৭টা নতুন ঘটনা পোহৰলৈ আহিছিল।

ভাৰতত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই ৩ হাজাৰ অতিক্ৰম কৰিছে। এতিয়ালৈ দেশত এই মহামাৰীত আক্ৰান্ত হৈছে ৯৬১৬৯জন লোক। মুঠ ৩০২৯জন লোকে হেৰুৱাইছে প্ৰাণ। উল্লেখযোগ্য যে অসমতো এই ভাইৰাছত আক্ৰান্তৰ সংখ্যাই শতকৰ ঘৰ চুইছেগৈ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading