ক্ৰিকেটাৰ, বিজেপি সাংসদ গৌতম গম্ভীৰক হত্যাৰ ভাবুকি, আৰক্ষীৰ তদন্ত আৰম্ভ

News18 Assam | News18-Assam
Updated:December 21, 2019, 4:41 PM IST
ক্ৰিকেটাৰ, বিজেপি সাংসদ গৌতম গম্ভীৰক হত্যাৰ ভাবুকি, আৰক্ষীৰ তদন্ত আৰম্ভ
Source-Google

দিল্লী আৰক্ষীক দিলে এজাহাৰ

  • Share this:
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা বেটছমেন তথা বিজেপি সাংসদ গৌতম গম্ভীৰক হত্যাৰ ভাবুকি। এটা আন্তঃৰাষ্ট্ৰীয় ফোন নম্বৰৰ পৰা খেলুৱৈজনক হত্যাৰ ভাবুকি দিয়া হৈছে। শনিবাৰে দিল্লী আৰক্ষীক এজাহাৰ দাখিল কৰাৰ লগতে নিজৰ লগতে পৰিয়ালৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ পত্ৰযোগে জনাই গম্ভীৰে।

+7 (400) 043 নম্বৰটোৰ পৰা গম্ভীৰক হত্যাৰ ভাবুকি দিয়া হৈছে বুলি জানিবলৈ দিয়ে। ইতিমধ্যে দিল্লী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি