• Home
  • »
  • News
  • »
  • nation
  • »
  • মধ্যপ্ৰদেশত পতন হ’ব নেকি কংগ্ৰেছ চৰকাৰ? প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই

মধ্যপ্ৰদেশত পতন হ’ব নেকি কংগ্ৰেছ চৰকাৰ? প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই

মধ্যপ্ৰদেশত এতিয়া ৰাজনৈতিক অচলাৱস্থা

মধ্যপ্ৰদেশত এতিয়া ৰাজনৈতিক অচলাৱস্থা

মধ্যপ্ৰদেশত এতিয়া ৰাজনৈতিক অচলাৱস্থা

  • Share this:
মধ্যপ্ৰদেশত এতিয়া ৰাজনৈতিক অচলাৱস্থা। পতন হোৱাৰ দিশে শাসনিধিষ্ঠ কংগ্ৰেছ চৰকাৰ! ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে  কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই। গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে কংগ্ৰেছ নেতাজনে।দুপৰীয়া সময়ত জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপিৰ সৈতে মিত্ৰতা কৰিবলৈ তেওঁ লোৱা সিদ্ধান্ত ৰাজহুৱা কৰাৰ সম্ভাৱনা আছে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমলনাথৰ বিৰুদ্ধে বিদ্ৰোহ কৰা বিধায়কসকলেও কংগ্ৰেছ ত্যাগ কৰিব বুলি চৰ্চা চলিছে।



আনফালে আজি বিধায়িনী দলৰ বৈঠকৰ আহ্বান কৰিছে বিজেপিয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক দলৰ নেতা হিচাপে নিৰ্বাচন কৰিব বুলিও এতিয়া চৰ্চা চলিছে। বিভিন্ন মহলত হোৱা আলোচনা অনুসৰি অতি শীঘ্ৰে জ্যোতিৰাদিত্য সিন্ধিয়া সহ বিদ্ৰোহী কংগ্ৰেছ বিধায়কসকলে দলত্যাগ কৰি গেৰুৱা বসন পিন্ধাৰ সম্ভাৱনা আছে।
Published by:Himangshu Bhuyan
First published: