உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • আকাশলংঘী পেট্ৰ’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ আঁৰৰ কাৰণ এইটো...

    আকাশলংঘী পেট্ৰ’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ আঁৰৰ কাৰণ এইটো...

    Source-Google

    Source-Google

    কেন্দ্ৰীয় পেট্ৰলিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শেহতীয়াকৈ পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা নাই বুলি ইংগিত দিয়াৰ বিপৰীতে বহুতৰ মতে কেন্দ্ৰীয় এক্সাইজ ডিউটি হ্ৰাস হোৱাৰ সম্ভাৱনা আছে।

    • Share this:
    আকাশলংঘী পেট্ৰ’ল-ডিজেলৰ মূল্য। প্ৰায় প্ৰতিদিনে বাঢ়িব ধৰিছে পেট্ৰ’ল তথা ডিজেলৰ মূল্য। এই মূল্য বৃদ্ধিয়ে এতিয়া নতুন অভিলেখ গঢ়াৰ পথত। মঙলবাৰে দেশৰ ৰাজধানী চহৰ দিল্লীত প্ৰতিলিটাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য ক্ৰমে ৮৯.২৯ টকা আৰু ৭৯.৭০ টকাকৈ আছিল। ইয়াৰ বিপৰীতে ভূপালত হাই কোৱালিটি পেট্ৰ’লৰ মূল্য ১০০.১৮ টকা হৈছে। জানুৱাৰী মাহৰ তুলনাত চলিত মাহত তেলৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে।
    চৰকাৰে জনোৱা তথ্য অনুসৰি বিগত বৰ্ষৰ অক্টোবৰ মাহত অশোধিত তেলৰ মুল্য প্ৰায় ৫০% বৃদ্ধি পোৱাৰ ফলত প্ৰতি বেৰেল তেলৰ মূল্য প্ৰায় ৬৩.৩ ডলাৰলৈ বৃদ্ধি পাইছিল। ইয়াৰ ফলস্বৰূপে খুচুৰা তেল বিক্ৰী কেন্দ্ৰসমূহে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি কৰিবলগীয়া হৈছিল।
    পেট্ৰ’ল তথা ডিজেলৰ খুচুৰা মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰখনৰ অশোধিত তেলৰ মূল্যৰ সৈতে সম্পৰ্কীয়। ইয়াৰ অৰ্থ হৈছে যে যদি বিশ্বব্যাপী বজাৰত অশোধিত তেলৰ মূল্য হ্ৰাস হয়, পেট্ৰ’ল আৰু ডিজেল ভাৰতত সস্তা হ'ব। ইয়াৰ বিপৰীতে অশোধিত তেলৰ মূল্য বৃদ্ধি হ’লে পেট্ৰ'ল আৰু ডিজেলৰ মূল বৃদ্ধি হ’ব। অৱশ্যে প্ৰতিবাৰে এনে নহয়। কিয়নো আন্তঃৰাষ্ট্ৰীয় বজাৰখনৰ অশোধিত তেলৰ মূল্য বৃদ্ধি হ’লে গ্ৰাহকসকল অধিকভাৱে প্ৰভাৱাম্বিত হয় কিয়নো ইয়াৰ সম্পূৰ্ণ বোজা গ্ৰাহকৰ ওপৰত জাপি দিয়া হয়। কিন্তু অশোধিত তেলৰ মূল্য হ্ৰাস হ’লে চৰকাৰে ৰাজহ সংগ্ৰহৰ বাবে গ্ৰাহকৰ ওপৰত কৰ আৰোপ কৰে।
    উল্লেখযোগ্য যে বিগত বছৰত বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক’ৰণা ভাইৰাছৰ সময়ত খাৰুৱা তেলৰ মূল্য যথেষ্ট হ্ৰাস পাইছিল যদিও চৰকাৰে খুচুৰা তেলৰ মূল্যত কোনো পৰিৱৰ্তন নকৰিলে। আনহাতে বছৰটোৰ শেষৰ ছমাহত চৰকাৰে কৰৰ বোজা জাপি দিলে। এনেদৰে উপভোক্তাসকলে বছৰটোৰ প্ৰথম ছমাহৰ সস্তীয়া তেলৰ মূল্য লাভ কৰাৰ বিপৰীতে অধিক মূল্যত তেল কিনিবলগীয়া হৈছিল।
    উল্লেখযোগ্য যে বিগত বৰ্ষত এপ্ৰিল মাহৰ সময়ত সকলো দেশৰ আৰ্থিক অৱস্থা প্ৰায় সমান আছিল। কিয়নো এই সময়চোৱাত যাতায়তৰ লগতে কল-কাৰখানাসমূহ বন্ধ আছিল। সেয়েহে তেলৰ ব্যৱহাৰ কম হৈছিল। কিন্ত ইয়াৰ পিছত অৱস্থাত আন্তঃৰাষ্ট্ৰীয় স্তৰত তেলৰ ব্যৱহাৰ বৃদ্ধি পালে আৰু ইয়াৰ মূল্য বৃদ্ধি পালে। আন এটা গুৰুতপূৰ্ণ দিশ হ’ল যে চৌদি আৰবে ফেব্ৰুৱাৰী-মাৰ্চ মাহত প্ৰতি দিনে ১০ লাখ বেৰেল অশোধিত তেলৰ উৎপাদন হ্ৰাস কৰাৰ লক্ষ লৈছে। উৎপাদন হ্ৰাসো মূল্য বৃদ্ধিৰ এটা কাৰণ।
    খুচুৰা তেলৰ ওপৰত চৰকাৰে আৰোপ কৰা কৰ মূল্য ৰ্বৃদ্ধিৰ আন এটা কাৰণ। ক’ৰণা মহামাৰীৰ সময়ত আৰ্থিক দিশটো প্ৰায় বন্ধ হৈ থকাৰ দৰে আছিল। সেয়েহে কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী সময়ত ৰাজহ বৃদ্ধিৰ লক্ষ লৈছিল। এনেদৰে এক্সাইজ ডিউটি বৃদ্ধি হোৱাৰ ফলত তেলৰ মূল্য বৃদ্ধি হয়। ইয়াৰ সমান্তৰালকৈ বিভিন্ন ৰাজ্যৰ চৰকাৰে তেওঁলোকৰ ৰাজহ বৃদ্ধিৰ বাবেও তেলৰ মূল্যৰ বিক্ৰী কৰ আৰোপ কৰিব পাৰে।
    কেন্দ্ৰীয় পেট্ৰলিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শেহতীয়াকৈ পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা নাই বুলি ইংগিত দিয়াৰ বিপৰীতে বহুতৰ মতে কেন্দ্ৰীয় এক্সাইজ ডিউটি হ্ৰাস হোৱাৰ সম্ভাৱনা আছে।
    First published: