বায়ুসেনা প্ৰধান আৰ কে এছ ভাদৌৰিয়াই জনাই যে, লাডাখ সীমান্তত বায়ু সেনা বাহিনী মোতায়েন কৰা আছে। যিকোনো পৰিস্থিতিৰ বাবে আমি সাজু।
বায়ুসেনা প্ৰধান আৰ কে এছ ভাদৌৰিয়াই জনাই যে, লাডাখ সীমান্তত বায়ু সেনা বাহিনী মোতায়েন কৰা আছে। যিকোনো পৰিস্থিতিৰ বাবে আমি সাজু।
ক্ৰমাত্ বাঢ়িছে জটিলতা! প্ৰতিদিনে লাডাখ সীমান্ত হৈ পৰিছে উত্তেজনাপূৰ্ণ। তাৰ মাজতে ভাৰতীয় বায়ু সেনা বাহিনীৰ প্ৰধান আৰ কে এছ ভাদৌৰিয়াই জনাই যে, যিকোনো পৰিস্থিতিৰ বাবে সাজু ভাৰতীয় বায়ুসেনা।
শণিবাৰে হায়দৰাবাদত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাদৌৰিয়াই কয় যে,‘ আমি সম্পূৰ্ণ ৰূপে সাজু। যিকোনো জৰুৰী ঘটনাৰ মোকাবিলা কৰিবলৈ আমাৰ সেনাবাহিনী সীমান্তত মোতায়েন কৰা আছে। দেশবাসীয়ে কোনো চিন্তা কৰিব নাগালে।আমাৰ সেনাৰ বলিদান অথলে নাযায়।’
বুধবাৰে লাডাখ আৰু কাশ্মীৰলৈ গৈছিল বায়ুসেনা প্ৰধান।সমগ্ৰ পৰিস্থিতিৰ বুজ লৈছিল বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে। কিদৰে প্ৰস্তুতি চলাব সেই লৈও আলোচনা হৈছিল। চীনৰ ফালে মুখ কৰাই ৰাখিছে যুদ্ধবিমান আৰু হেলিকপ্তাৰ। যুদ্ধবিমানৰ ভিতৰত আছে, ছুখই-30MKI,MIG-29।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|