• Home
  • »
  • News
  • »
  • nation
  • »
  • বৃহৎ ব্যৱসায়ৰ নেতিবাচক উপস্থাপন বন্ধ কৰাৰ সময় এয়া

বৃহৎ ব্যৱসায়ৰ নেতিবাচক উপস্থাপন বন্ধ কৰাৰ সময় এয়া

এখন কৃষি প্ৰধান তথা সামান্য উৎপাদকৰ দেশৰ পৰা আধুনিক অৰ্থনীতিলৈ ভাৰতৰ ৰূপান্তৰকৰণ একমাত্ৰ বৃহৎ ব্যৱসায়ৰ জৰিয়তেহে সম্ভৱ।

এখন কৃষি প্ৰধান তথা সামান্য উৎপাদকৰ দেশৰ পৰা আধুনিক অৰ্থনীতিলৈ ভাৰতৰ ৰূপান্তৰকৰণ একমাত্ৰ বৃহৎ ব্যৱসায়ৰ জৰিয়তেহে সম্ভৱ।

এখন কৃষি প্ৰধান তথা সামান্য উৎপাদকৰ দেশৰ পৰা আধুনিক অৰ্থনীতিলৈ ভাৰতৰ ৰূপান্তৰকৰণ একমাত্ৰ বৃহৎ ব্যৱসায়ৰ জৰিয়তেহে সম্ভৱ।

  • Share this:
পঞ্জাৱত প্ৰায় ১৫০০ টেলিকম টাৱাৰ প্ৰতিবাদী কৃষকে ধ্বংস কৰিলে। এইক্ষেত্ৰত ব্যক্তিগত সম্পত্তি ৰক্ষণা–বেক্ষণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাক ইয়াত জগৰীয়া কৰিব পাৰি। আনহাতে কৰণাভাইৰাছৰ সংক্ৰমণৰ সময়ত টেলিকম টাৱাৰসমূহৰ জৰিয়তে উপলব্ধ সামাজিক সুবিধা তথা জৰুৰীকালীন সেৱাৰ প্ৰসংগ উনুকিয়াব পাৰি।

এনেধৰণৰ অৰাজকতাক একেমুখে ধিক্কাৰ দিব পাৰি যি মানুহৰ জীৱন, অৰ্থনীতিৰ ক্ষতি সাধন কৰে। অতিমাৰীৰ সময়ৰ উঠিবলৈ চেষ্টা কৰাৰ সময়ত বিনিয়োগকাৰীৰ মাজত ভুল বাৰ্তা প্ৰেৰণ কৰিব পাৰে। পিছে ইয়াত সমস্যা কেৱল লণ্ড–ভণ্ড কৰাই নহয় ডাঙৰ বিষয় জৰিত হৈ আছে।

সাধাৰণভাৱে ক’বলৈ গ’লে কৃষকসকলৰ প্ৰতিবাদৰ জৰিয়তে বৃহৎ ব্যৱসায়ক একপ্ৰকাৰ ভিলেইন সজাই ক্ষতিগ্ৰস্ত কৰাৰ ন্যস্তস্বাৰ্থ পৰিলক্ষিত হৈছে। ইয়াৰে পৰিশ্ৰমী কৃষকৰ মুখৰ ভাত কাঢ়িবলৈ লোৱা হৈছে। ভাৰতত প্ৰতিখন চৰকাৰে দুৰ্ভাগ্যবশতঃ দৰিদ্ৰতাৰ সপক্ষে আৰু বৃহৎ ব্যৱসায় বিৰোধী মনোভাৱ প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিব লগীয়া হয়, বাস্তৱতে লাগে সেয়া হওকে বা নহওকেই। ক’বলৈ গ’লে ‘ছ্যুট–বুটৰ চৰকাৰ’ এই পৰিভাষা ৰাজনৈতিক মৃত্যুৰ চুম্বন। পাহৰি যোৱাটো উচিত নহ’ব যে চীনে মাওৰ পোছাক দলিয়াই ব্যৱসায়িক চোলা পিন্ধাৰ পিছতহে পৰ্বতসম উন্নতি কৰাৰ লগতে লক্ষ লক্ষ জনক দৰিদ্ৰতাৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

বৃহৎ ব্যৱসায়ক আক্ৰমণ কৰি প্ৰকৃততে প্ৰতিবাদকাৰীসকলে প্ৰকৃততে কি কৰিব বিচাৰিছে? তেওঁলোকে ভাৰতীয় অৰ্থনীতিক আটাইতকৈ আধুনিক, প্ৰযুক্তিগতভাৱে উন্নত আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ তথা গতিশীল ফাৰ্মক তললৈ পেলাব বিচৰা নাইনে? ৰিলায়েন্স জিওই টেলিকম ৰিভলিউশ্যন আনি ভাৰতীয় জনসাধাৰণক উপকৃত কৰা নাইনে? অতিমাৰীৰ সময়ত দৰিদ্ৰ শিক্ষাৰ্থীক ভাৰ্চুৱেল ক্লাছ লোৱাত সহায় কৰা নাই নে? ক্ষুদ্ৰ ফাৰ্ম আনকি কৃষকৰ কাৰণেও এয়া আশীবাৰ্দস্বৰূপ নাছিলনে?

কিন্তু এয়া কেৱল টেলিকম নহয়, বৃহৎ ছবিখন চাওক। এই বৃহৎ ব্যৱসায়ৰ কাৰণেই ই–কমাৰ্চৰ সুবিধা লাখ লাখ লোকৰ মাজলৈ যোৱাৰ লগতে অতিমাৰীৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণত সুবিধা হয়। বৃহৎ ব্যৱসায়ৰ শেহতীয়া প্ৰযুক্তি, পৰিমাণৰ অৰ্থনীতিয়ে উৎপাদন মূল্য হ্ৰাস কৰি ক্ৰেতাক উপকৃত কৰিছে।

এই বৃহৎ ব্যৱসায়সমূহে ‘কেপিটেল একুমুলেচন’ৰ জৰিয়তে এখন দেশৰ অৰ্থনীতিত অৰিহনা যোগায়।

এখন কৃষি প্ৰধান তথা সামান্য উৎপাদকৰ দেশৰ পৰা আধুনিক অৰ্থনীতিলৈ ভাৰতৰ ৰূপান্তৰকৰণ একমাত্ৰ বৃহৎ ব্যৱসায়ৰ জৰিয়তেহে সম্ভৱ।

চীনৰ ভাৱমূৰ্তিলৈ চাই আমাৰ হাতত এটা ক্ষীণ সুযোগ আছে যে আমি ভাৰতক বিশ্বমানৰ মেনুফেকচাৰিং ভেঁটি হিচাপে প্ৰস্তুত কৰিব পাৰো। ইয়াত গাৰাণ্টি নাই যে আমি সফল হমেই।

উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন বিষয়ে সমস্যাৰ সৃষ্টি কৰে। আমি আটাইতকৈ ভাল প্ৰয়াস কৰিবই লাগিব।

(লেখকঃমানস চক্ৰৱৰ্তী)

Disclosure: Reliance Industries Ltd. is the sole beneficiary of Independent Media Trust which controls Network18 Media & Investments Ltd.
First published: