RBI এ লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত, ATM ত নাথাকিব ২০০০ টকাৰ নোট

দেশৰ সৰু সৰু চহৰ বোৰত থকা ATM সমূহত অচিৰেই উপলব্ধ নহ’ব ২০০০ টকাৰ নোট। ইতিমধ্যে SBI য়ে আৰম্ভ কৰিছে প্ৰক্ৰিয়া

News18-Assam
Updated:October 7, 2019, 1:42 PM IST
RBI এ লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত, ATM ত নাথাকিব ২০০০ টকাৰ নোট
দেশৰ সৰু সৰু চহৰ বোৰত থকা ATM সমূহত অচিৰেই উপলব্ধ নহ’ব ২০০০ টকাৰ নোট। ইতিমধ্যে SBI য়ে আৰম্ভ কৰিছে প্ৰক্ৰিয়া
News18-Assam
Updated: October 7, 2019, 1:42 PM IST
দেশৰ জনতাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰিজাৰ্ভ বেংকে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বিমুদ্ৰাকৰণৰ পিছত নতুনকৈ ভাৰতবৰ্ষত উপলব্ধ হোৱা ২০০০ টকাৰ নোট অচিৰেই ATM সমূহত নৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে RBI এ। ইতিমধ্যে ষ্টেট বেংক অৱ ইণ্ডিয়াই আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া।

দেশৰ সৰু সৰু চহৰবোৰত থকা ATM তহে উপলব্ধ নহ’ব ২০০০ টকাৰ নোট। গ্ৰাহকে খুচুৰা কৰাত অসুবিধাৰ সন্মুখীন হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আৰ বি আইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নিৰ্দেশ অনুসৰি বেংক সমূহে লাহে লাহে ATM ৰ পৰা ২০০০ টকীয়া স্লট আতৰ কৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তাৰ পৰিৱৰ্তে ১০০, ২০০ আৰু ৫০০ টকাৰ স্লট বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে RBI এ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি