ৰিজাৰ্ভ বেংকে মোদী চৰকাৰক দিব ১.৭৬ লাখ কোটি, কি সকাহ পাব জনতাই?

এছক’ৰ্ট ছিকিউৰিটীৰ ৰিছাৰ্চ হেড আছিফ ইকবালৰ মতে ৰিজাৰ্ভ বেংকৰ পৰা চৰকাৰে লাভ কৰা ধনৰ পৰা সাধাৰণ লোকে বহুখিনি সকাহ পাব।

News18-Assam
Updated:August 27, 2019, 8:09 AM IST
ৰিজাৰ্ভ বেংকে মোদী চৰকাৰক দিব ১.৭৬ লাখ কোটি, কি সকাহ পাব জনতাই?
এছক’ৰ্ট ছিকিউৰিটীৰ ৰিছাৰ্চ হেড আছিফ ইকবালৰ মতে ৰিজাৰ্ভ বেংকৰ পৰা চৰকাৰে লাভ কৰা ধনৰ পৰা সাধাৰণ লোকে বহুখিনি সকাহ পাব।
News18-Assam
Updated: August 27, 2019, 8:09 AM IST
ভাৰতীয় ৰিজাৰ্ভ বেংকে কেন্দ্ৰীয় চৰকাৰক লাভাংশ আৰু ছাৰপ্লাছ ফাণ্ডৰ সহায়ত ১.৭৬ লাখ কোটি টকা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় বেংকে এক বিবৃতিত কয় যে ৰিজাৰ্ভ বেংকৰ পৰিচালনা মণ্ডলীৰ মতে ১,৭৬,০৫১ কোটি টকা চৰকাৰক ট্ৰান্সফাৰ কৰা হ’ব, ইয়াৰ ভিতৰত ২০১৮–১৯ৰ বাবে ১,২৩,৪১৪ কোটি টকা ছাৰপ্লাছ আৰু ৫২,৬৩৭ কোটি টকা অতিৰিক্ত বিধান হিচাপে ধৰা হ’ব। চৰকাৰে লাভ কৰা এই ধনৰাশিৰ পৰা আপোনাৰ কি লাভ হ’ব?

চাকৰিৰ নিশ্চয়তা
এছক’ৰ্ট ছিকিউৰিটীৰ ৰিছাৰ্চ হেড আছিফ ইকবালৰ মতে ৰিজাৰ্ভ বেংকৰ পৰা চৰকাৰে লাভ কৰা ধনৰ পৰা সাধাৰণ লোকে বহুখিনি সকাহ পাব। জনসাধাৰণে চাকৰি হেৰুৱাবলগীয়া নহ’ব। উল্লেখযোগ্য যে অট’মোবাইল ক্ষেত্ৰত মন্দাৱস্থাৰ বাবে ৩ লাখৰো অধিক লোকে চাকৰি হেৰুৱাইছে। এনে অৱস্থাত চৰকাৰে সাহায্য পুঁজি যোগান ধৰিলে চাকৰি হেৰুৱাবলগীয়া নহ’ব।

শ্বেয়াৰ বজাৰত লাভ
বিশেষজ্ঞৰ মতে, সাহায্য পুঁজি ঘোষণা আৰু বজাৰত তাৰল্য বৃদ্ধিৰ দ্বাৰা শ্বেয়াৰ বজাৰত অধিক গতি দেখা যাব। সোমবাৰে শ্বেয়াৰ বজাৰত ৰিজাৰ্ভ বেংকৰ পৰা চৰকাৰে ছাৰপ্লাছ লাভ কৰাৰ সম্ভাৱনাৰ বাবে অধিক গতি লাভ কৰা দেখা যায়। ইয়াৰ জৰিয়তে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাসকলে পাব অধিক লাভ।

মিচ্যুৱেল ফাণ্ডত বিনিয়োগকাৰীৰ লাভ
মিচ্যুৱেল ফাণ্ডত বিনিয়োগ কৰাসকলে পাব আকৰ্ষণীয় ৰিটাৰ্ণ। চৰকাৰে এই ধনৰাশিৰে বিত্তীয় সংকটৰ সৈতে যুঁজি থকা ক্ষেত্ৰসমূহক সকাহ দিব পাৰে। ইয়াৰ প্ৰভাৱ ষ্টক মাৰ্কেটত দেখা যাব আৰু মিচ্যুৱেল ফাণ্ডত বিনিয়োগ কৰাসকলৰ লাভ বৃদ্ধি হ’ব।

সহজতে ঋণ লাভ
RBIৰ পৰা লাভ কৰা ছাৰপ্লাছ ফাণ্ডৰ ধন চৰকাৰে বেংকত জমা কৰিব। চৰকাৰে পূৰ্বেও চৰকাৰী বেংকত ৭০ হাজাৰ কোটি টকাৰ পুঁজি জমাৰ ঘোষণা কৰিছে। বেংকত ধন বিনিয়োগৰ ফলত তাৰল্য বৃদ্ধি পাব। বিত্তীয় সংকটৰ সৈতে যুঁজি থকা বেংকসমূহে সকাহ পাব। ছাৰপ্লাছ নগদ হ’লে বেংকে সহজতে ঋণ প্ৰদান কৰে। ইয়াৰ দ্বাৰা সামগ্ৰী আৰু সেৱাৰ চাহিদা বৃদ্ধি পায় অৰ্থাৎ খৰচ বৃদ্ধি হয়, যিটো দেশৰ অৰ্থব্যৱস্থাৰ মেৰুদণ্ডস্বৰূপ।

ঘৰ কিনাসকলে পাব পাৰে ৰেহাই
ৰিয়েল ইষ্টেট ছেক্টৰৰ বাবে চৰকাৰে ছাৰপ্লাছ ফাণ্ড ব্যৱহাৰ কৰিব পাৰে। দেশজুৰি আম্ৰপালী, ইউনিটেক আৰু জেপিৰ দৰে আধৰুৱা প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবে চৰকাৰে বিত্তীয় সাহায্য প্ৰদান কৰিব পাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি