বাজেটৰ পিছত ৰিজাৰ্ভ বেংকে ৰেপো ৰেট বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে, ফলত আকৌ এবাৰ হোম লোন, গাড়ী ক্ৰয় লোনৰ সুতৰ হাৰ বৃদ্ধি পাবলৈ গৈ আছে, অৰ্থাৎ ঋণৰ মাহিলি কিস্তি বৃদ্ধি পাব।
ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতি বা এম পি চিৰ বৈঠকৰ অন্তত ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাস(Shaktikanta Das)এ ৰেপো ৰেট (RBI repo rate)ত পুনৰ ২৫ পইণ্ট বৃদ্ধিৰ কথা ঘোষণা কৰে। ডিচেম্বৰ মাহত ৰিজাৰ্ভ বেংকেও ৩৫ পইণ্ট ৰেপো ৰেট বৃদ্ধি কৰিছিল। ফলত ঘৰ-গাড়ী কিনিবলৈ ঋণ লোৱাৰ সময়ত সাধাৰণ মানুহৰ পকেটত অধিক চাপ বাঢ়িছে ইয়াৰ লগে লগে ৰেপো ৰেট একেৰাহে ছগুণ বৃদ্ধি পালে।
২৫ বেছিছ পইণ্ট বৃদ্ধি পোৱাৰ পিছত ৰেপ’ ৰেট ৬.৫০ শতাংশত আছে। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় বেংকে বাৰে বাৰে ৰেপো ৰেট বৃদ্ধিৰ পথত আগবাঢ়িছে বুলি ধাৰণা কৰা হৈছে।
ৰেপো ৰেট বৃদ্ধিৰ পিছত বেংকে সাধাৰণতে ঋণৰ সুতৰ হাৰ বৃদ্ধি কৰাৰ লগতে ঋণৰ সময়সীমা বৃদ্ধি কৰে। ফলত যিসকলে বৰ্তমান ঋণ লোৱাৰ কথা ভাবি আছিল, তেওঁলোকৰ ওপৰত প্ৰভাৱ পৰিব আকৌ ফিক্সড ডিপ'জিটৰ দৰেই বেংক ডিপ'জিটৰ সুত বৃদ্ধিৰ আশা কৰা হয়। এইক্ষেত্ৰত বেংকসমূহে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ'ব।
অৰ্থনীতিবিদ অভিৰূপ সৰকাৰে কয়, ‘সাধাৰণ মানুহক দুটা গোটত ভাগ কৰিব পাৰি। তেওঁলোকৰ এটা অংশ হ’ল সৰু, যিসকলে ধাৰ লৈ ঘৰ, গাড়ী কিনিছে। ৰেপো ৰেট বৃদ্ধিৰ অৰ্থ হ'ল এই যুৱক-যুৱতীসকলৰ ওপৰত অলপ বেয়া প্ৰভাৱ পৰা। আনহাতে যিসকল বয়সস্থ, যিসকল অৱসৰপ্ৰাপ্ত আৰু বেংকত ৰখা ধনৰ পৰা উপাৰ্জন কৰা সুতৰ ওপৰত নিৰ্ভৰশীল, তেওঁলোকৰ বিশেষ পৰিৱৰ্তন হোৱা নাই। কাৰণ বেংকে এই টাৰ্ম ডিপ'জিটৰ সুত বৃদ্ধি কৰা নাই। ঋণৰ সুত বৃদ্ধি পোৱাৰ বাবে বেংকৰ সুত বৃদ্ধি হোৱা নাই। সুতৰ ওপৰত নিৰ্ভৰশীলসকলৰ অৱস্থা কিমান সলনি হয় সেয়াও জনাটো জৰুৰী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।