ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই সাধাৰণ ৰাইজৰ কাৰণে বৃহস্পতিবাৰে এক ডাঙৰ ঘোষণা কৰে। RBI–এ NEFT আৰু RTGSৰ ক্ষেত্ৰত বেংকৰ লগতে RBIৰ তৰফৰ পৰা গ্ৰহণ কৰা চাৰ্জ সম্পূৰ্ণৰূপে আঁতৰাই দিছে। ইয়াৰ অৰ্থ স্পষ্ট যে গ্ৰাহকে এতিয়া কেৱল বেংকৰ তৰফৰ গ্ৰহণ কৰা চাৰ্জ দিলেই কাম হ’ব। এনেকুৱাত RTGS আৰু NEFT সস্তা হৈ পৰিব। RBI–এ এসপ্তাহৰ ভিতৰত ইয়াৰ কাৰণে চাৰ্কুলাৰ জাৰি কৰিব। উল্লেখ্য যে, RTGS (Real-time gross settlement) লক্ষ লক্ষ টকা ট্ৰান্সফাৰ কৰাৰ এক উত্তম উপায়। নামে ইংগিত দিয়াৰ ধৰণেই কাম কৰে এই ব্যৱস্থাই অৰ্থাৎ বিজনেচ আৱাৰ্চত হ’লে মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে টকা ট্ৰান্সফাৰ হয়। ইয়াৰ বিপৰীতে NEFT (national electronic funds transfer) ত এটা নিৰ্দিষ্ট সময়তহে টকা ট্ৰান্সফাৰ কৰিব পাৰি।
RBIৰ ডাঙৰ সিদ্ধান্তৰিজাৰ্ভ বেংকে বেংক ট্ৰানজেকচন চাৰ্জ আঁতৰাই দিছে। ডাঙৰ ট্ৰানজেকচনৰ ক্ষেত্ৰত ব্যৱহাৰ হ’বলগীয়া ৰিয়েল টাইম গ্ৰচ চেটেলমেণ্ট ছিষ্টেম অৰ্থাৎ RTGS আৰু NEFTৰ চাৰ্জ উঠাই লৈছে।
ইয়াৰ লগে লগে সংশ্লিষ্ট বেংকেও গ্ৰাহকৰ পৰা চাৰ্জ কমকৈ লোৱাৰ ব্যৱস্থা আৰম্ভ কৰাৰ সম্ভাৱনা আছে। শীৰ্ষ বেংকে এই পদক্ষেপ গ্ৰহণ কৰিছে ডিজিটেল পেমেণ্ট ব্যৱস্থাক উৎসাহ দিবলৈ। RBI–এ কৈছে যে বেংকসমূহেও গ্ৰাহকক লাভান্বিত কৰিবলৈ এইসমূহ ট্ৰানজেকচনৰ চাৰ্জ উঠাই ল’ব লাগে। বেংকক এই সন্দৰ্ভত নিৰ্দেশ এসপ্তাহৰ ভিতৰত প্ৰদান কৰা হ’ব।
উল্লেখযোগ্য যে নিমিষতে টকা ট্ৰান্সফাৰ কৰাৰ সুবিধা প্ৰদান কৰা RTGSৰ সুবিধা গ্ৰাহকে গ্ৰহণ কৰোতে মুহূৰ্তৰ ভিতৰতে টকা দ্বিতীয় একাউণ্টলৈ ট্ৰান্সফাৰ হয়। দ্বিতীয় আৰু চতুৰ্থ শণিবাৰে বেংক বন্ধ থকাৰ বাবে এই সুবিধাও উপলব্ধ নহয়। সেইদৰে ৰবিবাৰ আৰু যেতিয়া যেতিয়া বেংকৰ হলিডে’ থাকে তেতিয়া এই সুবিধাও বন্ধ থাকে।
এই সুবিধাৰে প্ৰধানকৈ ২লাখ টকা বা তাতোকৈ অধিক ধনৰাশি ট্ৰান্সফাৰ কৰিব পাৰি। অৱশ্যে ইয়াৰ কাৰণে সময় ধৰা বন্ধা থাকে। আৰটিজিএছৰ তত্বাৱধান কৰা আৰবিআইয়ে শেহতীয়াকৈ আৰটিজিএছ ট্ৰান্সফাৰৰ টাইমিং ডেৰ ঘণ্টালৈ বিস্তাৰ কৰিছে।
RTGSৰ সময়যোৱা মাহত আৰবিআইয়ে আবেলি চাৰে চাৰি বজাৰ পৰা সন্ধিয়া ৬বজালৈ কাষ্টমাৰ ট্ৰানজেকচনৰ সময় কৰাৰ সিদ্ধান্ত লৈছিল। ১জুনৰ পৰা নতুন সময় বলৱৎ হৈছে।
NEFT কি?নেচনেল ইলেকট্ৰ’নিক ফাণ্ড ট্ৰান্সফাৰ হৈছে দেশৰ বেংকৰ জৰিয়তে ফাণ্ড ট্ৰান্সফাৰ কৰা অৰ্থাৎ এঠাইৰ পৰা আন ঠাইলৈ পঠিওৱাৰ মাধ্যম। এই ব্যৱস্থাৰ জৰিয়তে সাধাৰণ গ্ৰাহক বা কোম্পানীয়ে যিকোনো ব্ৰাঞ্চলৈ অথবা দ্বিতীয় এখন চহৰৰ বেংকৰ শাখা অথবা ব্যক্তি বা সংগঠন বা কোম্পানীলৈ প্ৰেৰণ কৰিব পাৰে। বৰ্তমান প্ৰতিটো বেংকেই এনইএফটি পদ্ধতি গ্ৰহণ কৰে। এই ব্যৱস্থাৰে টকা পঠিয়াবলৈ গ্ৰাহকে প্ৰতিটো তথ্য প্ৰদান কৰিব লাগে।
সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৮বজাৰ পৰা সন্ধিয়া ৭বজাৰ ভিতৰত এই ব্যৱস্থাৰে টকা পঠিয়াব পাৰি। শণিবাৰে আঠ বজাৰ পৰা দুপৰীয়া ১বজালৈ এনইএফটি কৰিব পাৰে। বৰ্তমান NEFT যথেষ্ট প্ৰচলিত ব্যৱস্থা।
Published by: Tulika Devi
FIRST PUBLISHED : June 07, 2019, 16:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।