সুখবৰ! ১ অক্টোবৰৰ পৰা কমিব সকলো ঋণৰ সুত, RBI–এ লৈছে এই পদক্ষেপ

ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ বেংকসমূহক ১ অক্টোবৰৰ পৰা সকলো ধৰণৰ নতুন ঋণৰ সুত ৰেপ’ ৰেটৰ দৰে প্ৰচলিত মানকৰ সৈতে সংলগ্ন কৰাৰ নিৰ্দেশ দিছে। ইয়াৰ ফলত সকলো ধৰণৰ নতুন ঋণ সস্তা হোৱাটো নিশ্চিত। 

News18
Updated:September 6, 2019, 1:22 PM IST
সুখবৰ! ১ অক্টোবৰৰ পৰা কমিব সকলো ঋণৰ সুত, RBI–এ লৈছে এই পদক্ষেপ
ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ বেংকসমূহক ১ অক্টোবৰৰ পৰা সকলো ধৰণৰ নতুন ঋণৰ সুত ৰেপ’ ৰেটৰ দৰে প্ৰচলিত মানকৰ সৈতে সংলগ্ন কৰাৰ নিৰ্দেশ দিছে। ইয়াৰ ফলত সকলো ধৰণৰ নতুন ঋণ সস্তা হোৱাটো নিশ্চিত। 
News18
Updated: September 6, 2019, 1:22 PM IST
RBI–এ দেশৰ বেংকসমূহক কৈছে যে অহা ১অক্টোবৰৰ পৰা গৃহ, বাহন তথা সূক্ষ্ম, লঘূ আৰু মধ্যস্থানীয় সংস্থাক (MSME) ক ফ্লটিং দৰত দিবলগীয়া সকলো নতুন ঋণক ৰেপ’ দৰৰ দৰে বাহিৰা মানকৰ সৈতে সংলগ্ন কৰক। ইয়াৰ ফলত নীতিগত সুতৰ হাৰৰ কৰ্তনৰ সুবিধা পাব আৰু উপভোক্তাই কমকৈ টকা ভৰিব লাগিব। উল্লেখযোগ্য যে চলিত বছৰতে ৰিজাৰ্ভ বেংকে ৰেপ’ দৰ ১.১০শতাংশ হ্ৰাস কৰিছিল। কিন্তু বেংকসমূহে ইয়াৰ মাত্ৰ ০.৪০% লাভহে উপভোক্তাসকলক দি আছিল। বেংকে যিসমূহ বাহিৰা মানকৰ সৈতে সুতৰ হাৰ সংলগ্ন কৰিব লাগিব তাৰ ভিতৰত ৰেপ’, তিনি বা ছয়মাহৰ ট্ৰেজাৰী বিলৰ প্ৰতিফল বা বিত্তীয় বেঞ্চমাৰ্ক ইণ্ডিয়া প্ৰাইভেট লিমিটেড (FBIL)ৰ দ্বাৰা প্ৰকাশিত আন কোনো মানকো হ’ব পাৰে। কেন্দ্ৰীয় বেংকটোৱে কৈছে যে বাহিৰা মানক আধাৰিত সুতৰ হাৰ তিনি মাহত কমেও এবাৰ নতুনকৈ পৰ্যালোচনা কৰাটো জৰুৰী।

ৰিজাৰ্ভ বেংকৰ গৰ্ভনৰ শক্তিকান্ত দাসে জাৰি কৰিলে নিৰ্দেশ। (ফাইল ফটো)
আৰু চাওক পৰৱৰ্তী বাতৰি