ভাৰতীয় ৰিজাৰ্ভ বেংকে মুকলি কৰিলে নতুন ৫০ টকীয়া নোট। এই নতুন ৫০ টকীয়া নোটখনত থাকিব ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসৰ হস্তাক্ষৰ। শক্তিকান্ত দাসৰ হস্তাক্ষৰসম্বলিত এইখন হ’ব প্ৰথম নোট। এই নোটখনৰ ডিজাইন সকলো ফালৰ পৰা মহাত্মা গান্ধী ছিৰিজৰ ৫০ টকীয়া নোটৰ সমান।
নোটখনত সালসলনিৰ ভিতৰত আছে নতুন গভৰ্ণৰ শক্তিকান্ত দাসৰ হস্তাক্ষৰ। বজাৰলৈ নতুন নোটখন আহিলেও পুৰণি ৫০ টকীয়া নোটো বৈধ থাকিব আৰু বজাৰত ইয়াৰ প্ৰচলন অব্যাহত থাকিব।
উৰ্জিত পেটেলে পদত্যাগ কৰাৰ পিছত ২০১৮ চনৰ ডিচেম্বৰত শক্তিকান্ত দাসক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিল। দাস ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৫সংখ্যক গভৰ্ণৰ। শক্তিকান্ত দাসৰ কাৰ্যকালত মুকলি কৰা এইখন হ’ব প্ৰথমখন নোট। ২০১৭ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকে নতুন ৫০ টকীয়া আৰু ২০০ টকীয়া নোট মুকলি কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|