শীঘ্ৰেই নতুন ৰূপত উপলব্ধ হ’ব ২০ টকীয়া নোট। RBI–এ শুকুৰবাৰে অধিসূচনা জাৰি কৰিলে, য’ত নতুন ২০ টকীয়া নোটৰ ৰং–ৰূপৰ লগতে ইয়াৰ বিশেষত্ব সন্দৰ্ভত জনালে। এই নতুন নোটত RBIৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ চহী আৰু নোটৰ পাছফালে দেশৰ সাংস্কৃতিক বৈচিত্ৰ্য দৰ্শাই এলোৰা গুহাৰ চিত্ৰ অংকন কৰা হৈছে। মহাত্মা গান্ধীৰ নতুন চিৰিজৰ এই নোটৰ ৰং হ’ব হালধীয়া আৰু পাতল সেউজীয়া ৰঙৰ মিশ্ৰণ। নতুন নোট প্ৰচলন হোৱাৰ পিছতো পুৰণি নোটৰ প্ৰচলন থাকিব বুলি RBI–এ জনায়।
কেনেকুৱা হ’ব নোটৰ আগফালৰ অংশ?
RBIৰ দ্বাৰা প্ৰচলিত ২০ টকীয়া এই নতুন নোটৰ সন্মুখৰ অংশৰ মাজভাগত থাকিব মহাত্মা গান্ধীৰ চিত্ৰ, নোটখনৰ আগভাগতে নোটখনৰ সংখ্যা ইংৰাজী আৰু হিন্দী ভাষাত লিখা থাকিব আৰু RBI, ভাৰত, India আৰু ২০ সৰু আকাৰত লিখা থাকিব। ছিকিউৰিটী বাৰত লিখা থাকিব ভাৰত আৰু RBI । নোটৰ আনটো ভাগত গেৰেণ্টী ক্ল’জ, RBIৰ গৱৰ্ণৰৰ চহী, RBIৰ প্ৰতীক চিহ্ন মহাত্মা গান্ধীৰ ছবিৰ সোঁফালে থাকিব আৰু নোটৰ সোঁফালে থাকিব অশোক স্তম্ভ। নোটৰ নম্বৰ বাঁও ফালৰ পৰা সোঁফাললৈ অঁকা থাকিব।
এনেকুৱা হ’ব নোটৰ পাছফালৰ অংশ
নোটৰ পাছফালৰ অংশত বাঁওফালে বছৰ, স্বচ্ছ ভাৰতৰ লোগো শ্লোগানৰ সৈতে ভাষাৰ পট্টী থাকিব। নোটৰ পাছফালে দেশৰ সাংস্কৃতিক বৈচিত্ৰ্য দৰ্শাই এলোৰা গুহাৰ চিত্ৰ অংকন কৰা হ’ব। নোটখন ৬৩ মিঃমি বহল আৰু ১২৯ মিঃমি দীঘল হ’ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|